NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত বানত নিহতৰ সংখ্যা ৬২লৈ বৃদ্ধি; আজি ১২ জনৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 20, 2019 10:19 pm
ৰাজ্যত বানত নিহতৰ সংখ্যা ৬২লৈ বৃদ্ধি; আজি ১২ জনৰ মৃত্যু

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা সংহাৰী বানত এই পৰ্যন্ত ৬২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। আজিৰ দিনটোতে ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা ১২জন লোকৰ মৃত্যুৰ হোৱাৰ খবৰ আহিছে।

আনহাতে এইবাৰ বানত এতিয়ালৈকে ১৫০টা বনৰীয়া জীৱ-জন্তুৰ মৃত্যু হৈছে। ইয়াৰে সৰহ সংখ্যকৰ মৃত্যু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত।

অসম ৰাজ্যিক দুৰ্গযোগ প্ৰশমন প্ৰাধিকৰণে দিয়া হিচাপ মতে আজি মৰিগাঁও জিলাত ৫জন, বৰপেটা জিলাত ৩জন, দক্ষিণ শালমৰা জিলাত ২জন আৰু নলবাৰী আৰু ধুবুৰী জিলাত ক্ৰমে এজনকৈ লোকৰ মৃত্যু হয়।

আনহাতে ৰাজ্যৰ ২৪ জিলাত বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ৪৯ লাখৰ পৰা আজি ৪৪ লাখলৈ নিম্নগামী হয়। বান আক্ৰান্ত জিলাসমূহত স্থাপন কৰা ৯০০ কৈ অধিক আশ্ৰয় শিবিৰত ১.৩১ লাখতৈ অধিক লোকে আশ্ৰয় লৈ আছে।

তদুপৰি আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন গোট/স্বেচ্ছাসেৱী সংগঠনে বানত আৱদ্ধ হৈ পৰা ৪২০০ কৈ অধিক লোকক উদ্ধাৰ কৰে এক সূত্ৰত প্ৰকাশ।