NORTHEAST NOW (Assamese)

লখিমপুৰত বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰ, সোৱণশিৰি; এবেলাত আঠবাৰ পানী এৰিছে নীপক’ই

June 27, 2020 10:17 pm · ফাৰহানা আহমেদ
জামুগুৰিঘাটত গৰাখনীয়া ৰোধৰ চেষ্টা।

নেৰানেপেৰা বৰষুণৰ মাজত লখিমপুৰত বানে গুৰুতৰ ৰূপ লোৱাৰ আশংকা সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰকে ধৰি সকলো নৈ শনিবাৰে বিপদসীমাৰ ওপৰেৰে বৈ আছে।

চুবুৰীয়া অৰুণাচল প্ৰদেশৰ য়াজালিত থকা নীপক’ৰ ৰঙানদী হাইড্ৰ’ ইলেক্ত্ৰিকেল শক্তি প্ৰকল্পই শনিবাৰে এবেলাত আঠবাৰকৈ পানী মুকলি কৰি দিছে।

শনিবাৰে পুৱা ৫.৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০ পৰ্য্যন্ত প্ৰকল্পটোৱে মুঠ আঠবাৰ পানী এৰিছে।

জিলা জল সম্পদ বিভাগৰ তথ্য মতে ব্ৰহ্মপুত্ৰ জামুগুৰিত বিপদসীমাৰ ওপৰেৰে (৮০.১৭ মি./ ৭৯.৩০ মি.) বৈ আছে।

ব্ৰহ্মপুত্ৰৰ বৃ্হত্তম উপনৈ সোৱণশিৰি জিলাখনৰ ধলঘাট, ঘনচৰাই আৰু শিলিখাগুৰিত বিপদসীমাৰ ওপৰেৰে বৈ আছে।

ৰঙানদী, ডিক্ৰং, দোৰপ্ৰাং, চেচা, শিঙৰা, পাভ, কাকৈ আৰু বগীনদী আদি আন প্ৰধান নৈসমূহৰ জলস্তৰেও বিপদসীমা প্ৰায় স্পৰ্শ কৰিছে।

নৈসমূহত জলস্তৰ বৃদ্ধি পাই অহাৰ সমান্তৰালকৈ গৰাখহনীয়ায়ো জিলাখনত গুৰুতৰ ৰূপ ধাৰণ কৰিছে।

ন আলিত সোৱণশিৰিৰ গৰাখহনীয়া।

ব্ৰহ্মপুত্ৰই জামুগুৰিৰ বনপুৰৈ-লতাবাৰী গাঁৱত ৩নং মথাউৰিত জুনৰ আগভাগৰে পৰা ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰিছে।

জলসম্পদ বিভাগে শিলৰ স্পাৰ বন্ধাৰ চেষ্টা কৰিছিল যদিও গৰাখহনীয়া অব্যাহত আছে।

একেদৰে সোৱণশিৰিয়েও ভীমপৰা, তেলাহী, ন আলি আদি অঞ্চলত গৰাখহনীয়াৰ সৃষ্টি কৰিছে।

গৰাখহনীয়াই ভীমপৰা-ন আলি মথাউৰিলৈ গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে।

চলিত বানে এতিয়ালৈকে জিলাখনৰ আঠটা ৰাজহ চক্ৰৰ ৫১০ হেক্তৰ কৃষিভূমি ক্ষতিগ্ৰস্ত কৰিছে।

Related News