NORTHEAST NOW (Assamese)
Popular Stories

ধৰ্মান্তৰকৰণৰ গোচৰত অভিযুক্ত মিজো গায়িকা বেথছি আৰু স্বামীক অন্তৱৰ্তীকালীন জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 9, 2024 5:59 pm

অসমত বলপূৰ্বক ধৰ্মান্তৰকৰণৰ অভিযোগৰ সন্মুখীন হোৱা মিজো গায়িকা বেথছি লালৰিনছাংগী আৰু তেওঁৰ স্বামী লালহৰিয়াটপুয়া চাউংথুৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

কোকৰাঝাৰ জিলাৰ মাউণ্ট অলিভ স্কুলত সভা অনুষ্ঠিত কৰা এই দম্পতীহালে “শিশুসকলক ধৰ্মান্তৰিত কৰিবলৈ জোৰ-জবৰদস্তি কৰা” বুলি অভিযোগ উত্থাপন হৈছিল।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে জড়িত ব্যক্তিয়ে দাখিল কৰা এফআইআৰৰ ভিত্তিত তেওঁলোকৰ বিৰুদ্ধে অসমৰ কোকৰাঝাৰ জিলাৰ কাজিগাঁও থানাত গোচৰ ৰুজু কৰা হয়।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীয়ে মঙলবাৰে দম্পতীহালক অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰি দহ দিনৰ ভিতৰত অসম আৰক্ষীৰ সন্মুখত হাজিৰ হৈ বক্তব্য লিপিবদ্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰ পূৰ্বে এই দম্পতীহালে কোকৰাঝাৰ জিলা আদালতত হাজিৰ হৈ “শিশু ধৰ্মান্তৰকৰণ” ব অভিযোগৰ সন্মুখীন হৈছিল। অৱশ্যে তেওঁলোকৰ পূৰ্বৰ অন্তৱৰ্তীকালীন জামিনৰ আবেদন নাকচ কৰা হয়।

উচ্চ ন্যায়ালয়ত এই গোচৰত আবেদনকাৰীৰ হৈ অধিবক্তা বিক্ৰম ৰাজখোৱাই প্ৰতিনিধিত্ব কৰিছিল।

দম্পতীহালৰ বিৰুদ্ধে এই গোচৰত ব্যাপক বিতৰ্ক আৰু অসমত ধৰ্মীয় স্বাধীনতাক লৈ উদ্বেগ সৃষ্টি হৈছে।