NORTHEAST NOW (Assamese)

নেপালত অসমৰ যুৱতীৰ চাঞ্চল্যকৰ Video

November 25, 2018 11:22 pm · এন ই নাও নিউজ
Updated: November 26, 2018 3:30 pm
সুৰেখা ছেত্ৰী। ছবি- ফে’চবুকৰ পৰা।

ভইচ অৱ নেপাল নামৰ সংগীতৰ ৰিয়েলিটি শ্ব’ এটাত আগবঢ়োৱা প্ৰদৰ্শনেৰে চুবুৰীয়া দেশখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে গুৱাহাটীৰ সুৰেখা ছেত্ৰী নামৰ যুৱতী গৰাকীয়ে।

ইতিমধ্যে প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা ছেত্ৰীৰ এটা ভিডিঅ’ই youTube আৰু facebookত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। অসমৰ মুগাৰ সাজ পিন্ধি সুৰেখাই গীত গোৱা শ্ব’টোৰ এটা খণ্ডই মাত্ৰ দুসপ্তাহতে ১০ লাখ দৰ্শকক স্পৰ্শ কৰাৰ দিশে ধাৱমান হৈছে।

বিহুনাম এফাকিৰে আৰম্ভ কৰা সুৰেখাৰ উক্ত বিশেষ প্ৰদৰ্শনে ফে’চবুকতো সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্য। নেপালী মনোৰঞ্জন নামৰ ফে’চবুক পে’জটোৱে ৰাজহুৱা কৰা সুৰেখাৰ গীতৰ অংশটো প্ৰায় ৪.৫০ লাখ লোকে দৰ্শন কৰিছে, শ্বেয়েৰ হৈছে প্ৰায় ৫হাজাৰ ১শটা।

চাওক মুগাৰ সাজ পৰিহিতা সুৰেখাৰ গীত

গুৱাহাটীৰ নাৰেংগীৰ যুৱতী ছেত্ৰীয়ে শ্ব’টোত আৰু আগবাঢ়িবলৈ অসমৰ ৰাইজক ভোট দিবলৈ আহ্বান জনাইছে। “মোলৈ গুৱাহাটী আৰু অসমে আৰু সমৰ্থন আগবঢ়াওক যাতে মই অসমক গৌৰৱান্বিত কৰিব পাৰো,” এই আহ্বান ছেত্ৰীৰ।

সুৰেখাৰ ভোটিং ক’ড ২৮। অসম তথা ভাৰতৰ লোকে ম’বাইলত 16667728 দায়েল কৰি 53010 নং লৈ প্ৰেৰণ কৰি সুৰেখাক সমৰ্থন জনাব পাৰে। বা Voice of Nepalৰ এপ ডাউনল’ড কৰিও শ্ব’টো উপভোগ কৰাৰ লগতে ছেত্ৰীক সমৰ্থন জনাব পাৰে।

জুবিন গাৰ্গৰ সৈতে সুৰেখাই কণ্ঠদান কৰা পিয়াৰী মায়ালু (पियारी मायालु ) শীৰ্ষক অসমীয়াৰ পৰা নেপালীলৈ অনুবাদ কৰা গীতৰ এলবামটোও অসম আৰু নেপালত জনপ্ৰিয় হৈছিল।

The Voice of Nepal হৈছে The Voice নামৰ বাণিজ্যিক পপুলাৰ সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় টিভি সংগীত ৰিয়েলিটি শ্ব’টোৰ নেপালী দেশীয় সংস্কৰণ।

Related News