NORTHEAST NOW (Assamese)

ৰাজস্থানত অসমৰ যুৱতীক দলবদ্ধ ধৰ্ষণ; হাত-ভৰি বান্ধি হোটেলৰ প্ৰথম মহলাৰ পৰা পেলাই দিলে তললৈ

February 14, 2022 7:38 am · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

ৰাজস্থানৰ চুৰুত সংঘটিত এক জঘন্য ঘটনাত অসমৰ এগৰাকী যুৱতীক ধৰ্ষণ কৰি হোটেলৰ ছাদৰ পৰা তললৈ পেলাই দিয়া হৈছে।

অভিযোগ অনুসৰি, ঘটনাৰ বলি ২৫বছৰীয়া যুৱতী গৰাকীক চাৰিজনীয়া এটা দলে দলবদ্ধ ধৰ্ষণ কৰিছিল।

দিল্লীত বাস কৰা যুৱতীগৰাকীক অভিযুক্তৰ মাজৰে এজনে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াত তেওঁ ৰাজস্থানৰ চুৰুলৈ গৈছিল।

যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ পিছত অভিযুক্ত চাৰিজনে তেওঁক হাতে-ভৰিয়ে বান্ধি হোটেল এখনৰ প্ৰথম মহলাৰ এটা কোঠাৰ খিৰিকিৰে পেলাই দিয়ে।

ঘটনা সন্দৰ্ভত খৱৰ লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰে। তললৈ পৰি যোৱাৰ বাবে যুৱতীগৰাকীৰ হাতত গুৰুতৰ আঘাত পায়।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা অভিযুক্তকেইজনকো গ্ৰেপ্তাৰ কৰে।

পিছত ঘটনাৰ বলি যুৱতীগৰাকী আৰু অভিযুক্ত চাৰিজনক এখন চৰকাৰী হাস্পাতাললৈকে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। যুৱতীগৰাকীক তাতেই চিকিৎসা প্ৰদান কৰা হৈছে।

ইপিনে, অভিযুক্ত চাৰিজনৰ বিৰুদ্ধে এটা দলবদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছে।

Related News