NORTHEAST NOW (Assamese)
অসম

ডোহাৰ প্ৰত্যাহবানৰ বাবে সাজু ধিং এক্সপ্ৰেছ

Posted by: এন ই নাও নিউজ April 19, 2019 8:52 pm
Hima Das 191

২১ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হ’বলগীয়া ২৩ সংখ্যক এচিয়ান এথলেটিকছ চেম্পিয়নশ্চিপৰ বাবে সাজু হৈছে ধিং এক্সপ্ৰেছ হিচাপে খ্যাত হিমা দাস। আৰবীয়ান দেশ কাটাৰৰ ৰাজধানী ডোহাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে ভাৰতীয় দলটোৰ সৈতে ইতিমধ্যে ডোহাত উপস্থিত হৈছে তাৰকা খেলুৱৈগৰাকী।

হিমাই ২১ এপ্ৰিলত মহিলাৰ ৪x৪০০ মিটাৰ শাখাৰ ৰেলী দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

‘‘ডোহাত অনুষ্ঠিত হ’বলগীয়া ২০১৯ বৰ্ষৰ আমাৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহবানলৈ সাজু’’-এনেদৰে নিজৰ টুইটাৰ যোগে টুইট কৰে হিমাই। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে নিজৰ গুণমুগ্ধসকলক ডোহাত উপস্থিত হোৱাৰ বাতৰি টুইটাৰযোগে দিছিল খেলুৱৈগৰাকীয়ে।

ডোহাৰ আন্তঃৰাষ্ট্ৰীয় মানৰ খলিফা ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত ২১ এপ্ৰিলৰ পৰা ২৪ এপ্ৰিললৈ চলিবলগীয়া প্ৰতিযোগিতাখনত হিমাৰ প্ৰদৰ্শনৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব। এচিয়ান এথলেটিকছ চেম্পিয়নশ্চিপৰ বিগত সংস্কৰণ ওড়িশাৰ ৰাজধানী ভূৱনেশ্বৰত অনুষ্ঠিত হৈছিল।

উল্লেখযোগ্য যে, অলপতে হিমাই ফেডাৰেচন কাপ এথলেটিকছ প্ৰতিযোগিতাৰ মহিলাৰ ৪০০ মিটাৰ শাখাত সোণৰ পদক দখল কৰিলেও এচিয়ান চেম্পিয়নশ্চিপৰ ৪০০ মিটাৰ শাখাৰ বাবে যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছিল।

অসমৰ তাৰকা খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাৰ পূৰ্বে নিজৰ টুইটাৰত পিতৃ আৰু মাতৃৰ আলোকচিত্ৰ আপলোড কৰি ‘মোৰ প্ৰেৰণা, মোৰ শক্তি’ বুলি উল্লেখ কৰে।