NORTHEAST NOW (Assamese)
অসম

অসমৰ উদেষ্ণা বৰাৰ শিৰত মিছ ইণ্ডিয়া চুপাৰমডেল ইণ্টাৰনেচনেল ২০২১ খিতাপ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 15, 2021 8:36 pm
Udeshna Borah Wins Miss India Supermodel International 2021

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আকৌ এবাৰ জিলিকিল অসমৰ নাম। অসমৰ এগৰাকী মডেলে জিনিলে ২০২১ বৰ্ষৰ মিছ ইণ্ডিয়া চুপাৰমডেল ইণ্টাৰনেচনেল খিতাপ।

গুৱাহাটীৰ উদেষ্ণা বৰাই “মিছ ইণ্ডিয়া চুপাৰমডেল ইণ্টাৰনেচনেল ২০২১”ৰ বঁটা লাভ কৰিছে। ভূপালৰ শ্ৰেয়া তলৱাৰে প্ৰথম ৰানাৰ আপৰ স্থান লাভ কৰে আৰু দিল্লীৰ নিশা গুলিয়াই দ্বিতীয় ৰানাৰ-আপ স্থান লাভ কৰে।

মডেলিং আৰু ফেশ্বন উদ্যোগত সুপৰিচিত ড্ৰীমজ প্ৰডাকচন হাউচে শেহতীয়াকৈ লক্ষ্ণৌত মিষ্টাৰ এণ্ড মিছ ইণ্ডিয়া চুপাৰমডেল ইণ্টাৰনেচনেল ২০২১ নামৰ এই বছৰৰ অন্যতম বৃহৎ আৰু সন্মানীয় ফেশ্যন প্ৰতিযোগিতাখনৰ আয়োজন কৰিছিল।

প্ৰতিযোগিতাখনত সমগ্ৰ দেশৰ পৰা একাধিক শ্ৰেণীত মুঠ ৭৪ জন যুৱক, ৪০ গৰাকী যুৱতী আৰু ১২ গৰাকী মহিলাই অংশগ্ৰহণ কৰিছিল।

প্ৰতিযোগিতাখনত বিজয়ী হৈ উদেষ্ণা বৰাই তেওঁৰ সফলতাৰ এটা মুখ্য অংশ শৰদ চৌধুৰী আৰু ড্ৰীমজ প্ৰডাকচন হাউচক তেওঁৰ নিজৰ লগতে বহুতো যুৱক-যুৱতীক উদ্যোগটোত যোগদান কৰিবলৈ সুযোগ দিয়াৰ বাবে কৃতজ্ঞতা স্বীকাৰ কৰে।

উদেষ্ণা বৰাই অসমত প্ৰাৰম্ভিক স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। পিছত তেওঁ মুম্বাইৰ কেচি কলেজত অধ্যয়ন কৰে আৰু বেঙ্কিং আৰু বীমা স্নাতকৰ বাবে ডিগ্ৰী লাভ কৰে।

তেওঁ মুম্বাইৰ ৰোশন তানেজা স্কুল অৱ এক্টিংৰ পৰা অভিনয় শিক্ষা গ্ৰহণ কৰে। উদেষ্ণাই ২০১৯ চনৰ পৰা টিভি চেনেল আৰু OTT প্লেটফৰ্মৰ বিভিন্ন অনুষ্ঠানত অভিনেত্ৰী হিচাপেও কাম কৰিছে।

এজন ফেশ্বন ফটোগ্ৰাফাৰৰ বাবে ফেশ্বন মডেল হিচাপেও কাম কৰিছে তেওঁ। শীঘ্ৰেই মুক্তি পাবলগীয়া এখন তেলেগু চলচ্চিত্ৰত অভিনয় কৰিছে মডেলগৰাকীয়ে।