NORTHEAST NOW (Assamese)

ভাৰত চৰকাৰে পুনৰ দেশত নিষিদ্ধ কৰিলে ৪৩ টা মোবাইল এপ

November 24, 2020 6:18 pm · এন ই নাও নিউজ

ভাৰত চৰকাৰৰ অণুবিজ্ঞান আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ে আজি দেশত ৪৩ টা মোবাইল এপ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

তথ্য প্ৰযুক্তি আইনৰ অধীনৰ ৬৯ (এ) ধাৰাৰ অধীনত এই মোবাইল এপ সমূহ দেশত নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ভাৰত চৰকাৰে।

মূলত দেশৰ সাৰ্বভৌমত্ত আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াব পৰা ধৰণৰ বিষয়বস্তু সন্নিবিষ্ট হোৱাৰ বুলি কাৰণ দৰ্শাই ভাৰত চৰকাৰৰ অণুবিজ্ঞান আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ে এই মোবাইল এপ কেইটা দেশত নিষিদ্ধ কৰা হয় বুলি জাননী জাৰি কৰে।

ইয়াৰ পূৰ্বেও ভাৰত চৰকাৰে ২০২০ চনৰ ২৯ জুলাইত ৫৯ টা মোবাইল এপ আৰু ২০২০ চনত ১১৮ টা মোবাইল এপ দেশত নিষিদ্ধ কৰিছিল।

আজি জাৰি কৰা জাননী অনুসৰি দেশত নিষিদ্ধ হ’বলগীয়া এপ সমূহৰ ভিতৰত- লালামুভি ইণ্ডিয়া, আলিবাবা ৱৰ্কবেঞ্চ, এলিপে কেছিয়াৰ, এড’ৰ এপ, উই ৱৰ্ক চাইনা, উই টিভি লাইট, উই টিভি, মংগো টিভি, দিং টক, আইডেনটিটি ভি, হেপী ফিছ আদি প্ৰধান।

Related News