NORTHEAST NOW (Assamese)
অসম

ৰেৱকান্ত মহন্ত, কুমাৰী লাইতোনজম ইবেমপিশক দেৱীলৈ ৰাজ্য চৰকাৰৰ বিষ্ণু ৰাভা বঁটা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 14, 2019 2:21 pm
Reba Kanta Mahanta and Kumari Laitonjam Ebampisok Devi

ৰাজ্যৰ প্রসিদ্ধ মুখাশিল্পী ৰেৱকান্ত মহন্ত আৰু বিশিষ্ট নৃত্যশিল্পী কুমাৰী লাইতোনজম ইবেমপিশক দেৱীলৈ আগবঢ়োৱা হৈছে ২০১৯ বর্ষৰ বিষ্ণু ৰাভা বঁটা। অসম চৰকাৰে প্রতি বছৰে কলাগুৰু বিষ্ণু প্রসাদ ৰাভাৰ স্মৃতিত ৰাভা দিৱসৰ দিনা দুজনকৈ শিল্পকলাৰ সৈতে জড়িত লোকক এই বঁটা প্রদান কৰি আহিছে।

উল্লেখযোগ্য যে অহা ২০ জুনত ৰাজ্যৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ আৰু গোৱালপাৰা জিলা প্ৰশাসনৰ সহযোগত গোৱালপাৰা জিলাৰ ৰংজুলিৰ তহচিল ময়দানত কেন্দ্রীয়ভাৱে আয়োজন কৰা ৰাভা দিৱসৰ অনুষ্ঠানত দুয়োজন বিশিষ্ট শিল্পীক আনুষ্ঠানিকভাৱে বঁটা প্রদান কৰা হ’ব। মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালে প্রদান কৰিবলগীয়া এই বঁটাৰ সৈতে থাকিব নগদ ২ লাখ টকাৰ লগতে এখন প্রশস্তি পত্র আৰু অংগ বস্ত্র৷

উল্লেখ্য যে ১৯৩৫ চনত জন্মগ্ৰহণ কৰা ৰেৱকান্ত মহন্তই বিগত বহু বছৰৰ পৰাই অসমৰ বিভিন্ন স্থানৰ লগতে কলকাতা, দিল্লী, বৃন্দাবন আদি ঠাইত বৰগীত, সত্ৰীয়া নৃত্য আৰু ভাওনা প্ৰদৰ্শন কৰি আহিছে। ইতিমধ্যে তেওঁ এগৰাকী সুদক্ষ মুখাশিল্পীৰূপে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি লাভ কৰিছে।

ইয়াৰ উপৰি জীৱনজোৰা সাধনাৰ স্বীকৃতিস্বৰূপে তেওঁক ২০১৫ চনত সংগীত নাটক অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল।

আনহাতে ১৯৫২ চনত জন্মগ্ৰহণ কৰা, মণিপুৰী নৃত্যৰ স্নাতকোত্তৰ ডিপ্ল’মাধাৰী নৃত্যশিল্পী কুমাৰী লাইতোনজম ইবেমপিশক দেৱীয়ে ইশ্বেই নৃত্য, কৃষ্ণ নৃত্য, মৈৰাংসাই, নিমাই সন্যাসী, যোগী ভেষ, ৰাসলীলা নৃত্য, নৈতম নৃত্য পৰিৱেশন কৰি মণিপুৰী নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত অৰিহণা যোগাই আহিছে।

উল্লেখ্য যে এইগৰাকী নৃত্যশিল্পীয়ে ১৯৯০ চনত মণিপুৰৰ ৰাজ্যপালৰ সোণৰ পদক, ১৯৯০ চনত টম্বী দেৱী সোণৰ পদক, ১৯৯৮ চনত মণিপুৰী সাহিত্য পৰিষদৰ সোণৰ পদক আৰু ২০১৭ চনত অসম চৰকাৰৰ শিল্পী পেঞ্চন আদি লাভ কৰিবলৈ সক্ষম হৈছে।

বঁটা প্ৰদান অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী নৱ কুমাৰ দলে, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভা উপৰি বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।