NORTHEAST NOW (Assamese)
অসম

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Posted by: কল্পজোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজোতি শইকীয়া, গুৱাহাটী July 5, 2022 9:26 pm
Assam Govt

আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। আজি ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ পিছত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এক সংবাদমেল আয়োজন কৰি কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত সম্পৰ্কে অৱগত কৰে।

কেবিনেটৰ সিদ্ধান্ত মৰ্মে আজি গৰীয়া, মৰিয়া, দেশী, জলাহ আৰু ছৈয়দ এই জনগোষ্ঠীৰ ইছলাম ধৰ্মাৱলম্বী লোকক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি দিয়া হয়।

কেশৱ মহন্তই সদৰি কৰা মতে কেবিনেটত নগৰ উন্নয়ন বিভাগৰ চেয়াৰমেন, সদস্য সকলৰ পাৰিতোষিক বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়।

সেই অনুসৰি পৌৰপতিৰ দৰমহা ১০ ৰ পৰা ১৫ হাজাৰ টকা, উপ পৌৰপতিৰ দৰমহা ৭ ৰ পৰা ১২ হাজাৰ টকা, সদস্যৰ দৰমহা ৫ ৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে।

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মৰ্মে প্ৰাক্তন সৈনিক সকললৈ এক বিশেষ ৰেহাই প্ৰদান কৰা হৈছে। এতিয়াৰ পৰা ৰাজ্যৰ প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পত্নীয়ে দিব নালাগে সম্পত্তিৰ কৰ।

আনহাতে মেট্ৰিকত প্রথম বিভাগত উত্তীৰ্ণ সকললৈ ১৬ হাজাৰ টকাৰ বিত্তীয় অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লয় কেবিনেটে।

উল্লেখ্য যে কিছুদিন পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকললৈ আগবঢ়োৱা আনন্দৰাম বৰুৱা বঁটা বাতিলৰ ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে।

চৰকাৰৰ এ সসিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এই প্ৰতিক্ৰিয়াৰ পৰিণতিতে কেবিনেটে এই নতুন সিদ্ধান্ত গ্ৰহণ কৰা বুলি সন্দেহ কৰা হৈছে।