NORTHEAST NOW (Assamese)
Popular Stories

চৰকাৰে বঢ়ালে যান-বাহনৰ ভাড়া; চিটিবাছৰ নিম্নতম ভাড়া ৮ টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 23, 2019 6:29 pm
চৰকাৰে বঢ়ালে যান-বাহনৰ ভাড়া; চিটিবাছৰ নিম্নতম ভাড়া ৮ টকা

ধাৰাবাহিকভাৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক কোঙা কৰাৰ সময়তে ৰাজ্য চৰকাৰে সকলো ধৰণৰ ৰাজহুৱা পৰিবহণৰ ভাড়া ২৫ শতাংশ বৃদ্ধি কৰে।

এই নতুন নিৰীখ অনুসৰি চিটি বাছৰ ন্যূনতম ভাড়া হ’ব ৮ টকা আৰু সৰ্বাধিক হ’ব ২৭ টকা।

বৃদ্ধি পোৱা চিটি বাছৰ ভাড়াৰ নতুন নিৰীখ অনুসৰি ৫ কিলোমিটাৰ পৰ্যন্ত ভাড়া হ’ল ৮ টকা, ৫ ৰ পৰা ৯ কিলোমিটাৰ পৰ্যন্ত ভাড়া হ’ব ১০.৯৪ টকা, ৯ ৰ পৰা ১৩ কিলোমিটাৰ পৰ্যন্ত হ’ব ১৪.৮৫ টকা।

ইয়াৰ উপৰি ১৩ ৰ পৰা ১৭ কিলোমিটাৰ পৰ্যন্ত ভাড়া হ’ব ১৮.৭৫ টকা, ১৭ ৰ পৰা ২১ কিলোমিটাৰ পৰ্যন্ত হ’ব ২২.৬৬ টকা আৰু ২১ ৰ পৰা ২৫ কিলোমিটাৰ পৰ্যন্ত হ’ব ২৬.৫৬ টকা।

আনহাতে দূৰণিবটীয়া যাত্ৰীবাহী বাছৰ ভাড়া প্ৰতি কিলোমিটাৰত বৃদ্ধি পাইছে ১.৩৩ টকা, দূৰণিবটায়ী এ চি বাছৰ ভাড়া প্ৰতি কিলোমিটাৰত বৃদ্ধি পাইছে ১.৫৪ টকা আৰু পাহাৰীয়া এলেকাত চলাচল কৰা দূৰণিবটায়ী বাছৰ বৃদ্ধি পাইছে প্ৰতি কিলোমিটাৰত ১.৬৫ টকা।

ইফালে এই নতুন নিৰীখ অনুসৰি ল’ ফ্ল’ৰ চিটী বাছৰো ভাড়া বৃদ্ধি পালে। ল’ ফ্ল’ৰ চিটীবাছৰ বাছৰ ন্যূনতম ভাড়া হ’ব ১১ টকা।