NORTHEAST NOW (Assamese)
অসম

কাগজ কলৰ কৰ্মচাৰীৰ অধ্যয়নৰত সন্তানলৈ বিশেষ আঁচনি ঘোষণা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 9, 2020 2:31 pm
HBS

আজি ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলৰ জৰিয়তে তিনিখন বিশেষ আঁচনিৰ কথা ঘোষণা কৰে।

জনতা ভৱনৰ চি ব্লকত আয়োজিত সংবাদমেলখনত মন্ত্ৰী শৰ্মাই দুটাকৈ কাগজ কলৰ অধ্যয়নৰত ৭০০ কৰ্মচাৰীৰ ছাত্ৰ-ছাত্ৰীক এককালীনভাবে বিশেষ শিক্ষাগত সাহায্য, NHM ৰ কৰ্মচাৰী আৰু দিব্যাংগ লোকক সামৰি চৰকাৰে তিনিখন আঁচনি লোৱা বুলি ৰাজহুৱা কৰে।

এই আঁচনিৰ জৰিয়তে কাগজ কল দুটাৰ কৰ্মচাৰীৰ অধ্যয়নৰত সন্তানসকলে মেডিকেল, পি এইচ দি, ইঞ্জিনিয়াৰিং বা এনে বৃত্তিমূলক শিক্ষাৰ বাবে ১ লাখ টকাৰ এককালীন সাহায্য লাভ কৰিব।

ইয়াৰ উপৰি স্নাতকোত্তৰত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীয়ে ৭৫ হাজাৰ আৰু স্নাতক ছাত্ৰ-ছাত্ৰীয়ে ৫০ হাজাৰ টকাৰ সাহায্য লাভ কৰিব বুলিও সদৰী কৰে মন্ত্ৰী শৰ্মাই।

কাগজ কল দুটাৰ কৰ্মচাৰীৰ সন্তানে উচ্চতৰ মাধ্যমিকত পঢ়ি থাকিলে ২৫ হাজাৰ টকাৰ সাহায্য আৰু ক শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ১০ হাজাৰ টকাৰ সাহায্য লাভ কৰিব।

ছাত্ৰ-ছাত্ৰীসকলে এই সুবিধা গ্ৰহণ কৰিবলৈ অহা ১৪ জানুৱাৰিৰ পৰা ২০ জানুৱাৰিৰ ভিতৰত বিত্ত বিভাগৰ ৱেব প’ৰ্টেলত আৱেদন কৰিব লাগিব।

২০ জানুৱাৰিৰ পৰা ৩০ জানুৱাৰিলৈকে মৰিগাঁও জিলা আৰু হাইলাকান্দি জিলা উপায়ুক্তই ক্ষেত্ৰ জৰীপ চলাই ছাত্ৰ-ছাত্ৰীসকলক বাছি উলিয়াব। অৱসৰ লোৱা কৰ্মচাৰী সকলৰ সন্তানে এই সাহায্য লাভ নকৰে বুলিও মন্ত্ৰীজনে জনায়।

উল্লেখ্য যে অহা ফেব্ৰুৱাৰি মাহৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে এই সাহায্য  লাভ কৰিব।

আনহাতে যোৱা ১জানুৱাৰিৰ পৰা কাৰ্যকৰী হোৱাকৈ NHM ৰ কৰ্মচাৰী সকল আৰু তেওঁলোকৰ পৰিয়ালৰ চিকিৎসাৰ বাবদ ৫ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

ৰাজ্যত কমৰৰ্ত ঠিকাভিত্তিক টেট শিক্ষক, ষ্টেটপুল শিক্ষক সকলে এই সুবিধা পৰৱৰ্তী সময়ত লাভ কৰিব বুলি হিমন্তই জনায়।

ইয়াৰ উপৰি ৰাজ্য চৰকাৰৰ দিব্যাংগ কৰ্মচাৰীয়ে যদি গাড়ী  ক্ৰয় কৰিব বিচাৰে তেন্তে মুঠ সুতৰ ৪% চৰকাৰৰ ফালৰ পৰা বহন কৰাৰ কথাও ঘোষণা কৰে।