NORTHEAST NOW (Assamese)
অসম

বহাগ বিহুৰ পূৰ্বে ৰাজ্যত ১১,০০০ গৰাকী শিক্ষক নিযুক্তি : হিমন্ত বিশ্ব শৰ্মা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 12, 2020 5:33 pm
WhatsApp Image 2020-01-25 at 1.33.45 PM

বহাগ বিহুৰ পূৰ্বে অসম চৰকাৰে ১১,০০০ গৰাকী শিক্ষকক নিযুক্তি দিব বুলি বৃহস্পতিবাৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত উল্লেখ কৰে।

‘‘এই নতুন নিযুক্তি ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত সমূহত দিয়া হ’ব। আমি এমাহৰ ভিতৰত ১১,০০০ গৰাকী টেট উত্তীৰ্ণ শিক্ষকক প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিম,’’ শৰ্মাই লগতে কয়।

‘‘যদিও উচ্চ ন্যায়লয়ত দুটা গোচৰ চলি আছে আমি দুয়োটা গোচৰত বিজয়ী হ’ম বুলি আশাবাদী আৰু তাৰপাছতে ১১,০০০ শিক্ষকক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব,’’ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়।

আনহাতে, অসমৰ বিভিন্ন মহাবিদ্যালয়ত খালী হৈ থকা ৩২২ টা পদতো নিযুক্তি অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বেই কৰা হ’ব বুলি মন্ত্ৰী শৰ্মাই লগতে কয়।

শিক্ষা মন্ত্ৰী গৰাকীয়ে অতি সোনকালে হায়াৰ ছেকেণ্ডাৰী টেট পৰীক্ষাৰো তাৰিখ ঘোষণা কৰা হ’ব বুলি মত প্ৰকাশ কৰে।