NORTHEAST NOW (Assamese)
অসম

যোগীৰ আদৰ্শই লম্ভিছে হিমন্তক: এইবাৰ ঠাইৰ নাম সলনিৰ বাবে সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 16, 2022 1:41 pm
Himanta Biswa Sarma

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিছে যোগী ষ্টাইল। যোগীৰ পথ অনুসৰণ কৰি ৰাজ্যত আৰক্ষীক সম্পূৰ্ণ স্বতন্ত্ৰতা দিয়াৰ পাছত এইবাৰ সেই যোগীৰ পথেৰেই খোজ দি ৰাজ্যৰ ঠাইৰ নাম সলনিৰ ফালে আগবাঢ়িছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

অসম চৰকাৰে ৰাজ্যজুৰি ঠাইসমূহৰ নাম সলনি কৰাৰ বাবে ৰাইজৰ পৰামৰ্শ সংগ্ৰহৰ বাবে এটা অনলাইন পৰ্টেল মুকলি কৰিব।

বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জনায়।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে আমাৰ সভ্যতা, সংস্কৃতিৰ বিপৰীত আৰু যিকোনো জাতি বা সম্প্ৰদায়ৰ বাবে অপমানজনক অসমৰ ঠাইসমূহৰ নাম সলনি কৰা হ’ব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে কয়, “এটা নামে বহু অৰ্থ প্ৰতিনিধিত্ব কৰিব পাৰে। এখন চহৰ, নগৰ বা গাওঁৰ নামে ইয়াৰ সংস্কৃতি, পৰম্পৰা আৰু সভ্যতাক প্ৰতিনিধিত্ব কৰিব লাগে।”

তেওঁ লগতে কয়: “আমি সমগ্ৰ অসমত ঠাইৰ ক্ষেত্ৰত আমাৰ সভ্যতা, সংস্কৃতিৰ বিপৰীত আৰু যিকোনো জাতি বা সম্প্ৰদায়ৰ বাবে অপমানজনক নাম পৰিৱৰ্তনৰ পৰামৰ্শ সংগ্ৰহ কৰিবলৈ এটা পৰ্টেল মুকলি কৰিম।”