NORTHEAST NOW (Assamese)

ৰাজ্যৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকলৈ বুদ্ধ পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন ৰাজ্যপালৰ

May 7, 2020 9:39 am · এন ই নাও নিউজ
Updated: May 7, 2020 9:40 am

অসমৰ ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে বুদ্ধ পূৰ্ণিমাৰ উপলক্ষে ৰাজ্যৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

শুভেচ্ছা বাণীত ৰাজ্যপাল গৰাকীয়ে কয়, ‘পৱিত্ৰ বুদ্ধ পূৰ্ণিমাৰ উলপক্ষে সকলো শ্ৰেণী লোকলৈ, বিশেষকৈ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকললৈ মোৰ উষ্ণ শুভেচ্ছা জ্ঞাপন কৰিছো।’

‘ভগৱান বুদ্ধ আছিল বিশ্বৰ এজন মহান ধৰ্মীয় গুৰু আৰু তেওঁ সাৰ্বজনীন আৰু সদা প্ৰাসঙ্গিক।’ ৰাজ্যপাল গৰাকীয়ে কয়।

বাস্তৱক জাগ্ৰত কৰাৰ লগতে তাৰ অন্তৰ্নিহিত শক্তিক বুজিবলৈ বুদ্ধই মানুহক শিক্ষা দিয়ে বুলিও ৰাজ্যপাল গৰাকীয়ে লগতে কয়।

সমগ্ৰ বিশ্বৰ লগতে দেশতো ক’ৰ’না নৰ সংহাৰ অব্যাহত আছে।

ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত আছে ল’কডাউন।

সেয়ে ৰাজ্যপাল মুখীয়ে বৌদ্ধ ধৰ্মাৱলম্বী লোকসলক নিজৰ নিজৰ ঘৰৰ পৰাই প্ৰাথনা কৰিবলৈ আহ্বান জনাইছে।

Related News