NORTHEAST NOW (Assamese)

৭ আৰু ১০ ডিচেম্বৰত চাৰিখন জিলাত স্থানীয় বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

November 26, 2020 7:47 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল (বিটিচি)ৰ নিৰ্বাচনৰ বাবে বাক্সা আৰু ওদালগুৰি জিলাত ৭ ডিচেম্বৰ আৰু কোকৰাঝাৰ আৰু চিৰাং জিলাত ১০ ডিচেম্বৰ তাৰিখে উক্ত স্থানত স্থানীয় বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

এই দুয়োটা দিনত উক্ত জিলাসমূহত চৰকাৰী, বেচৰকাৰী, স্থানীয় সংস্থা, শিক্ষা প্ৰতিষ্ঠান, বেংককে ধৰি ব্যৱসায়িক প্ৰতিষ্ঠান, চাহ বাগান আৰু উদ্যোগ সমূহ বন্ধ থাকিব।

প্ৰথম আৰু দ্বিতীয় দুটা পৰ্যায়ত বিটিচিত নিৰ্বাচন অনুষ্ঠিত হ’ব।

প্ৰথম পৰ্যায়ত ৭ ডিচেম্বৰ সোমবাৰে ৰাতিপুৱা ৭.৩০ বজাৰ পৰা আবেলি ৪.৩০ বজালৈ নিৰ্বাচন অনুষ্ঠিত হ’ব।

প্ৰথম পৰ্যায়ত যদিহে কিবা কাৰণত পুনৰ ভোট গ্ৰহণ কৰিবলীয়া হয় তেন্তে ৮ ডিচেম্বৰত ৰাতিপুৱা ৭.৩০ বজাৰ পৰা আবেলি ৪.৩০ বজালৈ ভোট গ্ৰহণ অনুষ্ঠিত কৰা হ’ব।

প্ৰথম পৰ্যায়ত ওদালগুৰি আৰু বাক্সা জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

দ্বিতীয় পৰ্যায়ত কোকৰাঝাৰ আৰু চিৰাং জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

১২ ডিচেম্বৰ শনিবাৰে ৰাতিপুৱা ৮ বজাৰ পৰা বিটিচি নিৰ্বাচনৰ ভোটগহণা হ’ব।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে বিটিচি নিৰ্বাচন পিছুৱাই দিয়া হৈছিল।

Related News