NORTHEAST NOW (Assamese)
Popular Stories

চীনৰ পৰা আমদানি কৰা টেষ্টিং কিটত বিসংগতি!; কাইলৈ নহয় ৰাজ্যত ক’ৰ’নাৰ ৰেণ্ডম টেষ্ট

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 21, 2020 8:20 pm
index.jpg22

ICMR ৰ নিৰ্দেশনা অনুসৰি কাইলৈৰ পৰা দুদিনৰ বাবে ৰাজ্যত নহয় ৰেণ্ডম টেষ্টিং। কাইলৈৰ পৰা মহানগৰীৰ স্পেনিছ গাৰ্ডেন, আঠগাঁও কবৰস্থান আৰু লাহৰিঘাটত ৰেপিড টেষ্টিং কিটৰে  ৰেণ্ডম টেষ্টিং চলোৱাৰ কথা আছিল স্বাস্থ্য বিভাগে।

কিন্তু শেহতীয়াকৈ ICMR ৰ ফালৰ পৰা চীনৰ পৰা ক্ৰয় কৰি অনা ৰেপিড টেষ্টিং কিটৰ ক্ষেত্ৰত কিছু বিসংগতি দেখা পোৱাত আশংকা কৰি দুদিনলৈ ৰেণ্ডম টেষ্টিং বন্ধ ৰখাৰ বাবে কোৱা হৈছিল।

তাৰ পাছতে এই নিৰ্দেশনা মানি ৰাজ্য চৰকাৰে দুদিনলৈ স্থগিত ৰাখিছে এই ৰেণ্ডম টেষ্টিঙৰ ব্যৱস্থা।

উল্লেখযোগ্য যে কাইলৈৰ পৰা চীনৰ পৰা অনা ৯৬০০ টেষ্টিং কিটৰে মহানগৰীৰ স্পেনিছ গাৰ্ডেনত ৫০ টা, আঠগাঁও কবৰস্থানত ২৫ টা, লাহৰিঘাটত ২৫০ টা ৰেণ্ডম টেষ্টিং চলোৱাৰ কথা আছিল।

এই পৰীক্ষা কৰাৰ অন্তত বাকী কিটখিনি মেডিকেল কলেজ আৰু অসামৰিক চিকিৎসালয় সমূহত প্ৰদান কৰা হ’ব বুলিও স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কৈছিল।

উল্লেখযোগ্য যে, ভাৰত চৰকাৰে চীনৰ জোহাই প্ৰদেশৰ digonestics কোম্পানীৰ পৰা লক্ষাধিক কিট ক্ৰয় কৰি আনি তাৰে ৯৬০০ ৰেপিড টেষ্টিং কিট অসমৰ বাবে দিছিল বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

এই টেষ্টিং কিটৰ জৰিয়তে পোন্ধৰ মিনিটৰ ভিতৰত ফলাফল লাভ কৰিব পাৰি।