NORTHEAST NOW (Assamese)
অসম

আকৌ জনতাৰ কঁকালত থিয় গোৰ বিজেপি চৰকাৰৰ : পুনৰ বৃদ্ধি কৰা হ’ল টোলগেটৰ কৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 28, 2021 6:23 pm
Toll

ৰাজ্যত বিধানসভা নিৰ্বাচন চলি থকাৰ সময়তে জনতাৰ কঁকালত পুনৰ থিয় গোৰ শুধাইছে চৰকাৰে। চৰকাৰে ৰাজ্যৰ টোলগেটসমূহৰ টোল কৰৰ নিৰিখ পুনৰ বৃদ্ধি কৰিছে।

চৰকাৰে প্ৰকাশ কৰা নতুন বিজ্ঞাপন অনুসৰি অহা ১ এপ্ৰিলৰ পৰা ৰাজ্যৰ টোলগেটসমূহত কৰৰ বৰ্ধিত নিৰিখ কাৰ্যকৰী হ’ব।

চৰকাৰে টোলগেটৰ কৰৰ বৰ্ধিত নিৰিখ ঘোষণা কৰাৰ লগে লগে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

নতুন নিৰিখ অনুসৰি অহা ১ এপ্ৰিলৰ পৰা টোলগেটৰ কৰ সৰু বাহনৰ মাচুল ১০০ টকা, বাছ আৰু ট্ৰাক ৩৩৫ টকা, গধুৰ বাহনৰ ৬৪০ টকালৈ বৃদ্ধি কৰা হৈছে।

ইফালে সোণাপুৰৰ নাজিৰাখাট টোলগেটত সৰু বাহনৰ বাবে ১১৫ টকা, বাছ আৰু ট্ৰাকৰ বাবদ ৩৯৫ টকা আৰু গধুৰ বাহনৰ মাচুল ৭৫০ টকাকৈ ভৰিব লাগিব গৰাকীয়ে।

আনহাতে উজনি অসমৰ বগীবিল দলঙৰ দক্ষিণপাৰে ডিব্ৰুগড়তো টোলগেট নিৰ্মাণ কৰি থকা হৈছে।