NORTHEAST NOW (Assamese)

শিক্ষকে পিন্ধিব নোৱাৰিব জিন্স,লেগিংছ : শিক্ষকলৈ নতুন নিৰ্দেশনা অসম চৰকাৰৰ

May 20, 2023 5:43 pm · এন ই নাও নিউজ, গুৱাহাটী

অসম চৰকাৰে ৰাজ্যৰ সকলো চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে ড্ৰেছ কোড জাৰি কৰিছে।

১৯ মে’ত অসমৰ শিক্ষাৰ সচিবে জাৰি কৰা এক অধিসূচনাত পুৰুষ-মহিলা উভয়ৰে সাজ-পোছাকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

নতুন গাইডলাইন অনুসৰি চৰকাৰে শিক্ষক আৰু শিক্ষয়িত্ৰী উভয়কে বিদ্যালয়ত জিন্স আৰু লেগিংছ পৰিধান নকৰিবলৈ অনুৰোধ জনাইছে।

পুৰুষ শিক্ষকসকলক কেৱল উপযুক্ত আনুষ্ঠানিক সাজ-পোছাক (আনুষ্ঠানিক চাৰ্ট-পেণ্ট) পিন্ধিবলৈ কোৱা হৈছে। লগতে পুৰুষ শিক্ষক সকলে টি-চাৰ্ট, জিন্স আদি সাজ-পোছাক পিন্ধিব পাৰিব যদিও শিক্ষয়িত্ৰী সকলক ছেলৱাৰ, শাৰী, মেখেলা-চাদৰ পিন্ধিবলৈ কোৱা হৈছে। নিৰ্দেশনা অনুসৰি বিদ্যালয়লৈ যাওঁতে শিক্ষয়িত্ৰী সকলে টি-চাৰ্ট, জিন্স, লেগিংছ আদি পৰিধান কৰিব নোৱাৰিব।

অধিসূচনা অনুসৰি শিক্ষক আৰু শিক্ষয়িত্ৰী উভয়কে সচেতন ৰঙৰ পৰিষ্কাৰ, বিনয়ী আৰু মান্য কাপোৰ পিন্ধিবলৈ নিৰ্দেশনা দিয়া হৈছে। 

শিক্ষা বিভাগৰ এনেধৰণৰ নিৰ্দেশনাৰ পিছতেই সৰৱ হৈ উঠিছে ৰাজ্যৰ প্ৰগতিশীল মহল। প্ৰশ্ন উত্থাপন হৈছে, সাজ-পোছাকে বৃদ্ধি কৰিব পাৰিবনে শিক্ষাৰ গুণগত মান?

Related News