NORTHEAST NOW (Assamese)
অসম

এইবাৰ ৰাস হ’বনে? চৰকাৰে জাৰি কৰিলে বিশেষ নিৰ্দেশনা, কি আছে এই নিৰ্দেশনাত?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 9, 2021 5:55 pm

ক’ভিড পৰিস্থিতিৰ মাজত এইবাৰ ৰাস অনুষ্ঠিত হ’বনে? ৰাসত মেলা অনুষ্ঠিত কৰিব পৰা যাবনে? এনেবোৰ প্ৰশ্নই এতিয়া ৰাজ্যবাসীৰ মনত দোলা দি আহিছে।

ইয়াৰ মাজতে আজি চৰকাৰে ৰাস আৰু ষট পূজা সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে।

ষট পূজা আৰু ৰাস উপলক্ষ্যে চৰকাৰে কেতবোৰ বিশেষ নিৰ্দেশনা জাৰি কৰিছে।

ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে চৰকাৰে এই নিৰ্দেশনা জাৰি কৰে।

চৰকাৰী নিৰ্দেশনাত কোৱা হৈছে যে ষট পূজাৰ সময়ত নৈৰ ঘাটত একে সময়তে একেটা পৰিয়ালৰ সৰ্বাধিক পাঁচ জন লোক উপস্থিত থাকিব পাৰিব।

প্ৰত্যেকে ক’ভিড বিধি আৰু সামাজিক দূৰত্ব মানি চলিব লাগিব।

ষট পূজাত কেৱল ধৰ্মীয় ৰীতি-নীতি খিনিহে পালন কৰিব লাগিব। কোনো মেলাৰ আয়োজন কৰিব পৰা নাযাব।

ষট পূজাস্থলীত কোনো দোকান-পোহাৰ বহিবলৈ দিয়া নহ’ব বা ফেৰী কৰি ফুৰা লোককো অনুমতি দিয়া নহ’ব।

ক’ভিডৰ লক্ষণ থকা কোনো লোকে পূজাস্থলীত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। সকলোৰে থাৰ্মেল পৰীক্ষা কৰোৱা হ’ব।
সকলোৱে মাস্ক পৰিধান কৰিব লাগিব।

পূজাৰ আয়োজক সমিতিৰ কৰ্মকৰ্তা আৰু স্বেচ্ছাসেৱকসকলে কমেও এটা ক’ভিডৰ ভেকচিন লোৱা হ’ব লাগিব।

ৰাস মহোৎসৱৰ বাবে নিৰ্দেশনা:

ৰাস মহোৎসৱ উদযাপন কৰিবলৈ উদযাপন সমিতিয়ে জিলা প্ৰশাসনৰ আগতীয়া অনুমতি ল’ব লাগিব।

জিলা প্ৰশাসনে সকলো ৰাস উদযাপন সমিতি সমূহৰ সৈতে বৈঠকত মিলিত হৈ ক’ভিড প্ৰট’কল সঠিক ভাবে মানি চলাৰ বিষয়ত আলোচনা কৰিব।

১০ বছৰৰ তলৰ শিশু আৰু ৬৫ বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকে ৰাসৰ ভাওঁনা আদিত অভিনয় কৰিব নোৱাৰিব।

ৰাসৰ অনুষ্ঠানত ভাগ লোৱাৰ পূৰ্বে অভিনেতা-অভিনেত্ৰী, স্বেচ্ছাসেৱক,আয়োজক সকলোৱে ক’ভিড পৰীক্ষা কৰোৱাব লাগিব।

ৰাসস্থলীৰ প্ৰৱেশ আৰু প্ৰস্থান পথ বেলেগ বেলেগ হ’ব লাগিব।

ৰাসৰ সময়ত কোনো ধৰণৰ মেলা, দোকান-পোহাৰ, খাদ্যৰ বিপনী আদি দিব পৰা নাযাব।