NORTHEAST NOW (Assamese)

প্ৰতিবন্ধীৰ পৰা কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে অসম চৰকাৰে, চাকৰি পিয়ন-চকীদাৰ

November 26, 2019 11:16 pm · কল্পজ্যোতি শইকীয়া
প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সংবাদমেল, মঙলবাৰে। ছবি-- নৰ্থইষ্ট নাও।

অসম চৰকাৰৰ অধীনৰ ৩১টা বিভাগৰ মুঠ ৫১১টা চতুৰ্থ বৰ্গৰ পদত প্ৰতিবন্ধী লোকক নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্বত থকা আৰক্ষী নিযুক্তি ব’ৰ্ডে বিচাৰিছে কম্পিউটাৰ পাঠ্যক্ৰমৰ প্ৰমাণ পত্ৰ। লগতে লাগে আন্তঃৰাষ্ট্ৰীয়-ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ মেডেল নাইবা প্ৰমাণ পত্ৰ।

সোমবাৰে সন্ধিয়া SLPRB/REC/PwD-SWD/2018/Vol-iv/224 নং এক জাননীযোগে অক্ষমতাৰ প্ৰমাণ পত্ৰ, শিক্ষাগত অৰ্হতাৰ বাহিৰেও কোনো প্ৰতিষ্ঠানত পূৰ্বে কাম কৰাৰ অৰ্হতাৰ প্ৰমাণ-পত্ৰ, কম্পিউটাৰ পাঠ্যক্ৰমৰ প্ৰমাণ পত্ৰ আৰু ক্ৰীড়া/নৃত্য/সংগীত/সমৰ কলা ইত্যাদিৰ প্ৰমাণ পত্ৰ বিচাৰিছিল আৰক্ষী নিযুক্তি ব’ৰ্ডে।

ক্ষুভিত প্ৰতিবন্ধীসকল এতিয়া ইয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি নিযুক্তি ব’ৰ্ডৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

সংবাদমেলত মালাকাৰৰ প্ৰশ্ন, “নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ দীপক কুমাৰে চাকৰি দিয়াৰ নামত টকাৰ বজাৰ খুলিব বিচাৰিছে নেকি? টকা থকা কিছুসংখ্যক ভুৱা প্ৰতিবন্ধীয়ে এই চাৰ্টিফিকেটখিনি ক্ৰয় কৰি চাকৰি কিনিব বিচাৰিছে নেকি?”

মালাকাৰে লগতে কয়, “আমি জানিব পৰা মতে এটা লবিৰ সৈতে লগলাগি আৰক্ষী নিযুক্তি ব’ৰ্ডে যাতে প্ৰকৃত প্ৰতিবন্ধীসকল বঞ্চিত হয়, তাৰ বাবে কালিৰ জাননীখনত কিছু কথা প্ৰকাশ কৰিছে।”

মালাকাৰে সংবাদমেলত প্ৰদৰ্শন কৰা জাননীখনত উল্লেখ থকামতে ১০ বছৰৰ অধিক চাকৰিৰ অৰ্হতাৰ বাবে ৫ নম্বৰ, ৮-১০ বছৰলৈকে চাকৰিৰ অৰ্হতাৰ বাবে ৪ নম্বৰ, ৬ বছৰৰ পৰা ৮ বছৰলৈকে ৩ নম্বৰ, ৪ বছৰৰ পৰা ৬ বছৰলৈকে ২ নম্বৰ আৰু ২ বছৰৰ পৰা ৪ বছৰলৈকে ১ নম্বৰ দিয়া হৈছে।

ঠিক সেইদৰে মূল শৈক্ষিক অৰ্হতাক বাদ কৰি অন্য অৰ্হতা যেনে– ক্ৰীড়া, সংগীত নৃত্য আদিৰ বাবদো ভিন্ন ৰূপত নম্বৰ দিয়াৰ ব্যৱস্থাৰ কথা স্পষ্টকৈ উল্লেখ আছে জাননীখনত।  আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত মেডেল লাভ কৰিলে ৫ নম্বৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে ৪ নম্বৰ, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত মেডেল লাভ কৰিলে ৩ নম্বৰ আৰু অংশগ্ৰহণ কৰিলে ২ নম্বৰ আৰু ৰাজ্যিক পৰ্য্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মেডেল লাভ কৰিলে ১ নম্বৰ লাভ কৰিব পৰীক্ষাৰ্থীসকলে।

ইয়াৰোপৰি, মালাকাৰে সংবাদমেলত দাঙি ধৰা জাননীখনত দুবছৰীয়া কম্পিউটাৰ পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰ থাকিলে ০৩ নম্বৰ, এবছৰীয়া বা তাতকৈ ওপৰৰ প্ৰমাণপত্ৰ থাকিলে ০২ নম্বৰ আৰু ছমহীয়া কম্পিউটাৰ প্ৰমাণ পত্ৰ থাকিলে ০১ নম্বৰ লাভ কৰিব পৰীক্ষাৰ্থীয়ে।

“বহু নিযুক্তি পৰীক্ষা দেখিছো, কিন্তু কেতিয়াও কোনটো প্ৰশ্নত কিমান নম্বৰ দিব সেয়া ক’তো প্ৰকাশ কৰা দেখা নাছিলো। ৩০ ডিচেম্বৰত প্ৰকাশ হোৱা বিজ্ঞাপনত এই কথা প্ৰকাশ হোৱা নাছিল। কিয় হঠাৎ এই প্ৰমাণপত্ৰসমূহ বিচৰা হ’ল?” মালাকাৰৰ প্ৰশ্ন।

তাৎপৰ্য্যপূৰ্ণভাৱে, পূৰ্বৰ বিজ্ঞাপনত তৃতীয় বৰ্গৰ পদৰ বাবেহে কম্পিউটাৰ প-পত্ৰ বিচাৰিছিল বুলি দাবী কৰি মালাকাৰে কয়, “পিয়ন, চকীদাৰ, ঝাড়ু মৰা বা দৰ্জা খোলা, সহায়ক চাকৰিৰ বাবে কম্পিউটাৰ প্ৰশিক্ষণৰ প্ৰয়োজন আছে নেকি? অষ্টম শ্ৰেণীলৈকে উত্তীৰ্ণ প্ৰতিবন্ধী ছাত্ৰ এজনে দুই বছৰৰ কম্পিউটাৰ পাঠ্যক্ৰম লোৱাৰ কথা ক’ত শুনিছে?”

মালাকাৰে লগতে কয়, “দুখৰ বিষয় প্ৰতিবন্ধী সমাজখনক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে পঠাবলৈ ৰাজ্য চৰকাৰে বৰ্তমানলৈকে চেষ্টা কৰা নাই। প্ৰতিবন্ধীসকলক কোনেও চাকৰি কৰিব নিদিয়ে, কোনোৱে হয়তো ৬ মাহ- এবছৰ কাম কৰিছে। কিন্তু তেনেকুৱা অৱস্থাত হঠাৎ নিযুক্তি ব’ৰ্ডে ১০ বছৰৰ অভিজ্ঞতা বিচাৰি দিলে।”

ইয়াৰোপৰি, নিযুক্তি ব’ৰ্ডৰ এই কাণ্ডৰ বিৰুদ্ধে অহা ২৮ নৱেম্বৰত দিচপুৰ লাষ্টগেটত প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে প্ৰতিবাদী বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰে মালাকাৰে।

উল্লেখযোগ্য যে, যোৱা বৰ্ষৰ ৩০ ডিচেম্বৰত ৮৬৩টা তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশিত হৈছিল। তাৰ ভিতৰত ৩৫২টা তৃতীয় বৰ্গৰ আৰু ৫১১টা আছিল চতুৰ্থ বৰ্গৰ। বিভিন্ন খাম-খেয়ালিৰে তৃতীয় বৰ্গৰ পদসমূহত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিলে। কিন্তু বৰ্তমানলৈকে ৫১১টা পদত নিযুক্তি বৰ্তমানলৈকে দিয়া নাই।

Related News