NORTHEAST NOW (Assamese)
অসম

ক’লা কাপোৰৰ আতংকত পানীকেঁচুৱাৰ কাপোৰ খুলোৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক January 29, 2019 9:50 pm
BishwaNath SP

মুখ্য মন্ত্ৰীক ক’লা পতাকাৰ ফ’বিয়াৰ পৰা বচাবলৈ আজি বিহালীৰ এটা অনুষ্ঠানৰ সময়ত পানীকেঁচুৱাৰ গাত থকা ক’লা ৰঙৰ গৰম কাপোৰ পৰ্য্যন্ত খুলিবলৈ দিয়া ঘটনাৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়া হোৱাৰ পিছত অস্বস্তিত পৰিছে চৰকাৰ।

সচেতন নাগৰিকৰ পৰা সৰ্বসাধাৰণলৈকে অসংখ্যজনৰ গৰিহণা আৰু ককৰ্থনাত থৰকাছুটি হেৰুওৱা চৰকাৰে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়া বুলি এটা প্ৰেছ বিজ্ঞপ্তি যোগে জনায়।

ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক এই ঘটনাৰ তদন্ত কৰি শীঘ্ৰেই প্ৰতিবেদন দাখিলৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিয়া বুলি মুখ্য মন্ত্ৰীৰ জনসম্পৰ্কৰক্ষী কোষে দিয়া বিজ্ঞপ্তিটোত জানিবলৈ দিছে।

আনহাতে ঘটনাটোৰ বাবে কৰ্তব্যৰত নিৰাপত্তাৰক্ষী তথা গৃহৰক্ষীকৰ্মীৰ ওপৰত দায় জাপি দি চৰকাৰ তথা প্ৰশাসনে সমালোচনাৰ পৰা হাত সাৰিব বিচাৰিছে বুলি স্থানীয় লোকসকলে অভিযোগ আনিছে।

লগতে বিজেপিৰ নেতা-কৰ্মীসকলে শিশুটোৰ মাতৃগৰাকীকো মেনেজ কৰাৰ চেষ্টা চলোৱা বুলিও অভিযোগ উঠিছে।

জানিব পৰামতে, শিশুটোৰ মাকে ‘’গৰমৰ বাবেহে ল’ৰাটোৰ কাপোৰ ইচ্ছা কৰিয়ে খুলি দিছিলো’’ বুলি কোৱা এটা ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত এৰি দিয়া হৈছে।

বিশ্বনাথৰ পৰা কাজি জেইদুলৰ সংযোজন

ইপিনে বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনে ঘটনাটোক লৈ নিজৰ কাৰ্য্যালয়তে আজি আবেলি এখন সংবাদমেল সম্বোধন কৰে, য’ত কোৱা হৈছে যে ক’লা কাপোৰ পিন্ধি সভাত ৰাইজক প্ৰবেশত বাধা দিয়াৰ কোনো নিৰ্দেশ তেওঁ দিয়া নাছিল। ‘’ক’লা ৰুমাল, ক’লা পতাকা, ক’লা স্কাৰ্ফ আদি লৈ যাতে কোনো প্ৰতিবাদকাৰী প্ৰৱেশ কৰিব নোৱাৰে সেই সম্পৰ্কতহে নিৰ্দেশ দিয়া হৈছিল’’, স্পষ্টীকৰণ দি আৰক্ষী অধীক্ষকগৰাকীয়ে কয়।

তেওঁ লগতে কয় যে যদি কোনো আৰক্ষীয়ে এই কাম কৰিছিল তেন্তে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন চলাই থকা অসমৰ প্ৰতিবাদী দল-সংগঠনে যোৱা কেইবাদিনত মুখ্য মন্ত্ৰীকে ধৰি বিজেপিৰ মন্ত্ৰী, বিধায়ক, নেতাক য’তে-ত’তে ক’লা পতাকা দেখুৱাই আহিছে। ফলত ক’লা পতাকাই মুখ্য মন্ত্ৰীক যাতে বিব্ৰত কৰিব নোৱাৰে, তাৰ বাবে প্ৰতিটো কাৰ্য্যসূচীত ক’লা ৰঙৰ কাপোৰৰ বিৰুদ্ধে অভিযান চলাই আহিছে আৰক্ষীয়ে।

ইয়াৰে এটা সম্প্ৰসাৰিত ৰূপত আজি বিহালীৰ বৰগাঙৰ মুখ্য মন্ত্ৰীৰ কাৰ্য্যসূচীটোত আৰক্ষীয়ে চৰম লজ্জাজনকভাৱে এটি কেঁচুৱাৰ গাৰ ক’লা ৰঙৰ গৰম কাপোৰ খুলোৱাবলৈ মাকক বাধ্য কৰে। ইয়াৰ ভিডিঅ’ এটা ভাইৰেল হোৱাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।