NORTHEAST NOW (Assamese)
অসম

অসম বন্ধৰ আহ্বান বৰাকৰ ১০৩টা সংগঠনৰ; চৰকাৰে আওপকীয়াকৈ মানি ল’লে? পিছুৱালে গুণোৎসৱৰ পৰীক্ষা

Posted by: এন ই নাও নিউজ November 2, 2018 7:50 pm
dhola massacre

১ নৱেম্বৰত সংঘটিত তিনিচুকীয়াৰ জঘন্য হত্যাকাণ্ডৰ প্ৰতিবাদত বৰাকৰ ১০৩টা সংগঠনে কাইলৈ, অৰ্থাৎ ৩ নৱেম্বৰত ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে।

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বাৰ্তাত ৰাষ্ট্ৰবাদী যৌথ মঞ্চ নামৰ এটা উমৈহতীয়া মঞ্চত একত্ৰিত হোৱা নৰ্থ-ইষ্ট লিংগুইষ্টিক এণ্ড এথনিক ক’-অৰ্ডিনেশ্যন কমিটী (NELECC), সদৌ অসম হিন্দু বাঙালী সংস্থা (AABHA), চিটিজেন ৰাইটছ প্ৰটেকশ্যন ক’-অৰ্ডিনেইশ্যন কমিটী (CRPCC), নিচৰ্ত নাগৰিকত্ব দাবী মঞ্চকে ধৰি মুঠ ১০৩ টা সংগঠনে এই বন্ধৰ আহ্বান দিয়া বুলি জনাইছে।

আনহাতে একে সময়ৰ ভিতৰতে, অৰ্থাৎ ৩ নৱেম্বৰতে কাছাৰ জিলা কংগ্ৰেছে ১২ ঘণ্টীয়া কাছাৰ জিলা বন্ধৰ আহ্বান জনাইছে। কাছাৰ জিলা কংগ্ৰেছে ঘটনাটোৰ তীব্ৰ গৰিহণা দি কয় যে চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৃষ্ঠভূমিত বিভিন্ন পক্ষক উচটনিমূলক মন্তব্য দিবলৈ খোলাহাত দিয়াৰ ফলতে ৫জন নিৰীহে প্ৰাণ হেৰুৱালে।

ইফালে সদৌ কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি ছাত্ৰ সন্থায়ো কাইলৈ ১২ ঘণ্টীয়া বৰাক বন্ধৰ আহ্বান জনাইছে।

বন্ধৰ বাবে গুণোৎসৱৰ পৰীক্ষা পিছুৱালে

৩ নৱেম্বৰত কেইবাটাও দল-সংগঠনে অসম বন্ধৰ আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে ১৭খন জিলাত চলি থকা দ্বিতীয় বৰ্ষৰ দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱৰ ৩ নৱেম্বৰত হ’ব লগীয়া পৰীক্ষা পিছুৱাই দিছে। ৩ নৱেম্বৰত হ’ব লগীয়া পৰীক্ষাবোৰ অহা ৫ নৱেম্বৰত অনুষ্ঠিত হ’ব বুলি চৰকাৰৰ এটা বিজ্ঞপ্তিত প্ৰকাশ পাইছে।