NORTHEAST NOW (Assamese)
অসম

দিল্লীত সিদ্ধান্ত অসম কেবিনেটৰ: চাৰি জিলাক পুনৰ একত্ৰীকৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 31, 2022 5:45 pm
Assam govt remerges four districts

দিল্লীত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত আজি এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে। ৰাজ্যিক কেবিনেটে আজি ৰাজ্যৰ নতুনকৈ গঠিত হোৱা চাৰিখন জিলাক পুনৰ পূৰ্বৰ জিলাৰ সৈতে একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে অসম চৰকাৰৰ এই সিদ্ধান্ত। অসম চৰকাৰৰ সিদ্ধান্ত অনুসৰি শেহতীয়াকৈ সৃষ্টি হোৱা চাৰিখন জিলা ক্ৰমে বিশ্বনাথ, হোজাই, বজালী আৰু তামুলপুৰ- ক পুনৰ পূৰ্বে বিভক্ত কৰি অনা জিলাকেইখনৰ সৈতে একত্ৰিত কৰা হৈছে।

বিশ্বনাথ জিলা শোণিতপুৰ জিলাৰ পৰা বিভক্ত হৈ নতুন জিলা হিচাপে স্বীকৃতি লাভ কৰাৰ বিপৰীতে হোজাই পূৰ্বে নগাঁও জিলাৰ সৈতে আছিল। আনহাতে বজালী আৰু তামুলপুৰ আছিল ক্ৰমে বৰপেটা আৰু বাক্সা জিলাৰ অন্তৰ্গত।

ৰাজ্যত আৰম্ভ হ’বলগীয়া সমষ্টি নিৰ্ধাৰণৰ কাৰ্য আৰম্ভ হোৱাৰ পূর্বে ১ জানুৱাৰীৰ পৰা ৰাজ্যৰ প্রশাসনিক গোটসমূহ পুনৰ সংশোধন কৰাত নিৰ্বাচন আয়োগৰ নিষেধাজ্ঞাৰ পৰিপ্রেক্ষিতত আজি ৰাজ্যিক কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা বুলি মুখ্যমন্ত্রী শর্মাই মন্তব্য কৰে।

আজি একত্ৰীকৰণৰ অধিসূচনা প্ৰকাশ নোহোৱালৈকে অসমত মুঠ ৩৫ খন জিলা আছিল। মুখ্যমন্ত্ৰী শৰ্মাই নিজ ভাষ্যত প্ৰশাসনিক সুবিধাৰ্থে আৰু ৰাজ্যৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে আৰক্ষী জিলাসমূহ চাৰিওটা অঞ্চলত থাকিব আৰু ন্যায়িক ব্যৱস্থাৰ কামো অব্যাহত থাকিব বুলি উল্লেখ কৰে। “এই সময়ছোৱাত গঠন হোৱা আন সকলো জিলা কাৰ্যালয় একেদৰে চলি থাকিব, যাতে কোনো কৰ্মচাৰী বা বিষয়াই কোনো অসুবিধাৰ সন্মুখীন নহয়।”— শৰ্মাই লগতে কয়।

তেওঁ কয় যে বিশ্বনাথ, হোজাই, বজালী আৰু তামুলপুৰ এতিয়া প্ৰত্যেকটো মহকুমা বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰশাসনিক পৰিচালনা কৰা হ’ব আৰু তেওঁলোকে মূল জিলাসমূহৰ উপাযুক্তৰ সৈতে মিলি কাম কৰিব।

অৱশ্যে অসম চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। দীৰ্ঘদিনীয়া যুক্তিগত দাবীৰ আধাৰত গঠিত জিলাসমূহৰ বিলুপ্তিৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে জিলাকেইখনৰ বহু লোকে।