NORTHEAST NOW (Assamese)

অতি শীঘ্ৰেই প্ৰব্ৰজিত শ্ৰমিকক কৰ্ম সংস্থাপন দিব অসম চৰকাৰে : বৈঠকত সিদ্ধান্ত গ্ৰহণ মুখ্যমন্ত্ৰীৰ

May 17, 2020 9:15 pm · কল্পজ্যোতি শইকীয়া

ৰাজ্যলৈ উভতি অহা প্ৰৱাসী শ্ৰমিকসকলক অসম চৰকাৰে সংস্থাপন দিযার ব্যৱস্থা কৰিব।

আজি ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এক বিশেষ বৈঠকত এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰি সংশ্লিষ্ট বিভাগসমূহলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আজি অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকখনত তলত উল্লেখিত সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়।

১) অতিশীঘ্ৰে প্ৰব্ৰজিত শ্ৰমিক সকলক এমজি এনৰেগাৰ অধীনত জব কাৰ্ড প্ৰদানৰ লগতে কামৰ আৱন্টন কৰিবলৈ পঞ্চায়ত আৰু গ্ৰাম্যোন্নয়ন বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

২) শ্ৰমিক সকলৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ দক্ষতা উন্নয়ন বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

৩) এক ডিজিটেল প্লেটফৰ্মৰ মাধ্যমেৰে শ্ৰমিক সকলক দক্ষতা চিহ্নিত কৰি খণ্ড উন্নয়ন পৰ্যায়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ বাবে যাৱতীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ ।

৪) প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ জৰিয়তে যাতে ৰাজ্যৰ MSME খণ্ড সৰ্বাধিক ভাৱে লাভান্বিত হয় তাৰ বাবে এনে উদ্যোগৰ জিলাভিত্তিক তালিকা তথা বৰ্তমান অৱস্থাৰ প্ৰতিবেদন যুগুত কৰিবলৈ উদ্যোগ বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

৫) প্ৰব্ৰজিত শ্ৰমিক সকলক উৎপাদনমূলক কাম-কাজত জড়িত হ’বৰ বাবে বেংকে যাতে ঋণ প্ৰদান কৰে সেই বিষয়ে বেংকসমূহৰ সৈতে আলোচনা কৰিবলৈ বিত্ত বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

আজি বৈঠকত উদ্যোগ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পঞ্চায়ত আৰু গ্ৰাম্যোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে।

Related News