NORTHEAST NOW (Assamese)
অসম

২৩ এপ্ৰিললৈকে গুৱাহাটীৰ পে’ট্ৰল পাম্পত নগদ ধনৰ বিনিময়ত নাপাব পে’ট্ৰল বা ডিজেল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 18, 2019 9:36 am
Guwahati petrol pump: Buyers to get fuel for cash

গুৱাহাটীৰ পে’ট্ৰল পাম্পসমূহত আজিৰে পৰা নগদ ধনৰে গ্ৰাহকে ক্ৰয় কৰিব নোৱাৰিব পে’ট্ৰল অথবা ডিজেল। কেৱল এ টি এম কাৰ্ডেৰেহে ডিজেল বা পে’ট্ৰল ক্ৰয় কৰিব পাৰিব। যিহেতু নগদ ধনৰ বিনিময়ত গ্ৰাহকক ইন্ধন নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী পে’ট্ৰল পাম্পৰ মালিক এছ’চিয়েশ্যনে।

লোকসভা নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত নগদ ধনৰ বিনিময়ত ইন্ধন নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লোকসভা নিৰ্বাচন উপলক্ষে নগদ ধন সৰবৰাহৰ ক্ষেত্ৰত হোৱা অসুবিধাৰ বাবে পে’ট্ৰল পাম্পৰ মালিক এছ’চিয়েশ্যনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে বুধবাৰে অৰ্থাৎ ১৭ এপ্ৰিলত  আৰক্ষী আৰু ফ্লাইং স্কুৱাডৰ দলে নুনমাটিৰ চূণচালিত অমৃত চন্দ্ৰ ডেকা নামৰ এজন লোকৰ পৰা ২৫.১১ লাখ টকা জব্দ কৰিছিল।

মন কৰিবলগীয়া যে আৰক্ষীয়ে জব্দ কৰা এই ধনখিনি আছিল বাইহাটা চাৰিআলিৰ এটা পে’ট্ৰল ডিপোৰ। ৰঙালী বিহুৰ বাবে বেংক বন্ধ থকাত বুধবাৰে বেংকত ধন জমা দিবলৈ আহোতে আৰক্ষীয়ে টকাখিনি জব্দ কৰে।

এই ঘটনাৰ পিছতে জিলা এছ’চিয়েশ্যনে নগদ ধনৰ বিনিময়ত ২৩ এপ্ৰিল পৰ্যন্ত পে’ট্ৰল বা ডিজেল গ্ৰাহকক যোগান নধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কেৱল এ টি এম কাৰ্ডৰ বিনিময়তহে ইন্ধন যোগান ধৰিব বুলি এছ’চিয়েশ্যনে জানিবলৈ দিয়ে।