NORTHEAST NOW (Assamese)
Popular Stories

নিজামুদ্দিনৰ ঘটনা সংক্ৰান্তত তবলিগি জামাতৰ বিষয়ববীয়াৰে মন্ত্ৰী হিমন্ত বিশ্বৰ বৈঠক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 5, 2020 1:20 pm

দিল্লীৰ নিজামুদ্দিনৰ ঘটনা সংক্ৰান্তত আলোচনাৰ বাবে শনিবাৰে নিশা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ লাখটকীয়া মছজিদত তবলিগি জামাতৰ ৰাজ্যিক কমিটিৰ বিষয়ববীয়াৰ সৈতে এক বৈঠকত মিলিত হয়। উক্ত মছজিদ তবলিগি জামাতৰ ৰাজ্যিক মুখ্য কাৰ্যালয়।

আলোচনা কালত মন্ত্ৰীগৰাকীয়ে জামাতত উপস্থিত থকা লোকসকলৰ তালিকা দাখিল কৰিবলৈ কমিটিৰ বিষয়ববীয়াক আহ্বান জনায়। তালিকাত নাম থকা সকলোকে কুৱাৰেণ্টাইন কৰাটো অত্যন্ত জৰুৰী বুলি কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য যে, বৰ্তমানলৈকে অসমত নিজামুদ্দিনৰ সৈতে জড়িত ১৫২৯ জন লোকৰ ভিতৰত ৮১২ জনৰ নমুনা পৰীক্ষা কৰা হৈছে। উক্ত ৮১২ জনৰ ৬৩৫জন নিগেটিভ, ২৫জন পজিটিভ আৰু ১৪১ জনৰ এতিয়াও ৰিজাল্ট পাবলৈ বাকী আছে।

কালিৰ আলোচনাত তবলিগি জামাতৰ ৰাজ্যিক কমিটিৰ সভাপতি চৈয়দ আমিনুল আলম আৰু সাধাৰণ সম্পাদক আলি মুৰতাজাই মন্ত্ৰী গৰাকীক সাক্ষাৎ কৰে। আলোচনাত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা) জি পি সিং আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকা উপস্থিত থাকে।