NORTHEAST NOW (Assamese)
Popular Stories

অপেক্ষাৰ অন্ত, অৱশেষত মুম্বাইৰ পৰা ‘আহি আছে বাঘ’; উৎফুল্লিত অনুৰাগী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 8, 2020 8:32 pm

দীৰ্ঘদিনৰ বিৰতিৰ মূৰত মুম্বাইৰ পৰা অসমলৈ ঘূৰি আহি আছে অনুৰাগীৰ মাজত ‘বাঘ’ হিচাপে খ্যাত জুবিন গাৰ্গ।

এখন বিশেষ বাছত পত্নী গৰিমা গাৰ্গ আৰু দুজন সহযোগীৰে অসমলৈ আহি আছে জুবিন।

আজি দুপৰীয়া ভাগত তেওঁলোকক লৈ উক্ত বাছখনে যাত্ৰা আৰম্ভ কৰিছে।

এক দীঘলীয়া বিৰতিৰ অন্তত এই খবৰ লাভ কৰি উৎফুল্লিত হৈ পৰিছে জুবিনৰ অনুৰাগীসকল।

সকলোৱে নিজৰ নিজৰ ফেচবুক আৰু whatsapp ষ্টেটাছ ‘আহি আছে বাঘ’ ‘মৰমৰ জুবিন দা আহি আছে, শুভেচ্ছা থাকিল’, ‘জুবিন দাৰ যাত্ৰা শুভ হওক’ ইত্যাদিৰে উপচাই পেলাইছে।

জানিব পৰা মতে, একে সময়তে অসমৰ মুঠ ১৩২ গৰাকী কেন্সাৰ ৰোগী মুম্বাই চিকিৎসালয় আৰু অসম ভৱনৰ পৰা ৬খন শ্লিপাৰ বাছেৰে গৃহ ৰাজ্যলৈ ৰাওনা হৈছে।

উল্লেখযোগ্য যে, যোৱা ২৭ ফেব্ৰুৱাৰীত টাউন ক্লাবৰ এক অনুষ্ঠানত উপস্থিত থকাৰ সময়তে শাৰীৰিকভাৱে গুৰুতৰভাবে অসুস্থ হৈ পৰিছিল জুবিন।

তাৰ পাছত প্ৰায় ২০ দিন গুৱাহাটীৰ নেমকেয়াৰ হাস্পাতালত চিকিৎসাধীন হৈ সুস্থ হৈ পোনে পোনে ৰাওনা হৈছিল মুম্বাইলৈ।

কিন্তু দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে ২৪ মাৰ্চৰ পৰা লকডাউন আৰম্ভ হোৱাৰ বাবে মুম্বাইতে আবদ্ধ হৈ পৰিছিল জুবিন।

ফলত, দীৰ্ঘদিন কাষৰ পৰা মৰমৰ শিল্পী গৰাকীক চোৱাৰ পৰা বঞ্চিত হৈ আছিল তেওঁৰ লক্ষ লক্ষ অনুৰাগী। সেয়েহে শিল্পীগৰাকীৰ অসমলৈ ৰাওনা হোৱা খবৰে তেওঁলোকক বাৰুকৈয়ে উৎফুল্লিত কৰি তুলিছে।