NORTHEAST NOW (Assamese)
অসম

২৫ মে’ত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাৰ ফলাফল

Posted by: এন ই নাও নিউজ May 17, 2019 12:10 pm
AHSEC

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ তিনিওটা শাখাৰ ফলাফল অহা ২৫ মে’ৰ ৰাতিপুৱা ৯ বজাৰ লগে লগে ঘোষণা কৰা হ’ব। এই কথা ঘোষণা কৰিলে অসম শিক্ষা সংসদে।

উল্লেখযোগ্য যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে (Assam Higher Secondary Education Council) এই পৰীক্ষা পৰিচালনা কৰে। বিজ্ঞান, বাণিজ্য আৰু কলা –এই তিনিটা শাখাত মুঠ ২,৪২,৮৪৩ জন শিক্ষার্থীয়ে পৰীক্ষাত অৱতীর্ণ হৈছিল।

এইবাৰ কলা শাখাত ১,৮৬,১৮৭ গৰাকী, বিজ্ঞান শাখাত ৩৭,৪৫৫ আৰু বাণিজ্য শাখাত ১৮,২৯১ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। সৰ্বমুঠ পৰীক্ষা কেন্দ্ৰ আছিল ৭২২টা।

ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ পৰীক্ষাৰ ফলাফল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিজা ৱেবছাইট  www.ahsec.nic.in ৰ উপৰি আন কেইবাটাও ৱেবছাইটৰ যোগেদি চাব পাৰিব।