NORTHEAST NOW (Assamese)
অসম

বাণিজ্যত অষ্টম স্থান মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰিয়াংশু আগৰৱালাৰ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ May 25, 2019 5:58 pm

ঐতিহ্যমণ্ডিত মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰ প্ৰিয়াংশু আগৰৱালাই আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত অসমৰ ভিতৰত অষ্টম স্থান অধিকাৰ কৰি মাৰঘেৰিটালৈ গৌৰৱ কঢ়িয়াই আনিছে।

মুঠ ৪৫৭ নম্বৰ লাভ কৰা ছাত্ৰজনে ইংৰাজীত ৯৩, ঐচ্ছিক ইংৰাজীত ৯২, হিচাপ বিদ্যাত ৮৫, ব্যৱসায় অধ্যয়ণত ৯১, অৰ্থনীতিত ৯৫ আৰু গণিতত ৭৫ নম্বৰ লাভ কৰে।

মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ অধ্যাপক বিনোদ আগৰৱালা আৰু চন্দা দেৱীৰ পুত্ৰ প্ৰিয়াংশুক ফলাফলৰ পিছতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ঘৰৰ পৰা ঢোলে-দগৰে আদৰি আনি মাৰ্ঘেৰিটাৰ ৰাষ্ট্ৰীয় ঘাই পথেদি এক শোভাযাত্ৰা উলিয়ায়।

তদুপৰি মহাবিদ্যালয়খনৰ হৈ অধ্যক্ষ বুধিন গগৈয়ে ছাত্ৰগৰাকীৰ লগতে অভিভাৱকক সম্বৰ্ধনা জনোৱাৰ লগতে ৫০ হাজাৰ টকাৰ অনুদান প্ৰদান কৰে। মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই মহাবিদ্যালয়খনৰ ফলাফলক লৈ সন্তোষ প্ৰকাশ কৰাৰ লগতে  তেওঁৰ ফালৰ পৰা প্ৰিয়াংশুক ৩০ হাজাৰ টকাৰ এককালীন জলপানি আগবঢ়োৱাৰ বিষয়ে জানিবলৈ দিয়ে।

আনহাতে ছাত্ৰ গৰাকীৰ উক্ত ফলাফলৰ পিছতে তেওঁৰ ঘৰত উপস্থিত হৈ তিনিচুকীয়া জিলা সাংবাদিক সন্থা, মাৰ্ঘেৰিটা সাংবাদিক সংস্থা, মাৰ্ঘেৰিটা আছু আদি সংগঠনে তেওঁক সম্বৰ্ধনা জনায়।