NORTHEAST NOW (Assamese)
Popular Stories

২০২৬ বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা: নিৰ্বাচনৰ পূৰ্বেই পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভাৱনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 19, 2025 1:54 pm

মেট্ৰিক (High School Leaving Certificate – HSLC) আৰু উচ্চতৰ মাধ্যমিক (Higher Secondary – HS) চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে। ২০২৬ বৰ্ষৰ এই দুটা গুৰুত্বপূৰ্ণ পৰীক্ষা যথাক্রমে ১০ ফেব্ৰুৱাৰী আৰু ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে পুৱা সামাজিক মাধ্যম ‘X’ত এটা পোষ্টযোগে এই পৰীক্ষাসমূহৰ দিন ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে।

মন কৰিবলগীয়া যে, ২০২৬ বৰ্ষতে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ নিৰ্বাচন। পৰীক্ষাসমূহত যাতে নিৰ্বাচনৰ কোনো প্ৰভাৱ নপৰে, তাৰ বাবে বছৰৰ আৰম্ভণিতেই এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ঘোষণা কৰা দিন অনুসৰি, পৰীক্ষা দুটাৰ সমাপ্তিৰ পিছতহে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে, নিৰ্বাচনৰ দিন নিৰ্ধাৰণ হোৱাৰ পিছতহে এই সন্দৰ্ভত অধিক স্পষ্টতা আহিব।

উল্লেখ্য যে, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে (Assam State School Education Board) চলিত বৰ্ষত প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰিচালনা কৰিছিল। ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪ লাখৰো অধিক শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। এইবাৰো ইংৰাজী, সমাজ বিজ্ঞান, সাধাৰণ বিজ্ঞান আৰু সাধাৰণ গণিতৰ পৰীক্ষাত OMR শ্বিট (Optical Mark Recognition Sheet) ব্যৱহাৰ কৰা হৈছিল।