NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগৰ ৩ টাকৈ গোচৰ ৰুজু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 20, 2019 8:15 am
আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগৰ ৩ টাকৈ গোচৰ ৰুজু

নাগৰিকত্ব (সংশোধন) আইন তথা ‘কা’ বিৰোধী প্ৰতিবাদেৰে আজিও উত্তাল ৰাজ্য। বিপৰীতে চৰকাৰ তথা প্ৰশাসনে এই ‘কা’ বিৰোধী প্ৰতিবাদ কঠোৰ হাতেৰে দমনৰ চেষ্টা চলাইছে।

আজি পূৰ্বৰ ‘কেব’ তথা বৰ্তমানৰ ‘কা’ প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা লোকৰ ওপৰত আৰক্ষীয়ে চলোৱা বৰ্বৰতাৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগত এক গোচৰ ৰুজু কৰা হয়।

কটন বিশ্ববিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু দিছপুৰ আইন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে আজি মানৱ অধিকাৰ আয়োগত এই গোচৰ ৰুজু কৰিছে।

‘কা’ বিৰোধী প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী তথা প্ৰতিবাদকাৰী ৰাইজৰ ওপৰত চলোৱা লাঠী চালনাৰ বাবে ক্ষুব্ধ হৈ এই গোচৰ ৰুজু কৰিছে।

আনহাতে নিৰীহৰ ওপৰত লাঠীচালনা কৰাৰ অভিযোগত মানৱ অধিকাৰ আয়োগে নিজাববীয়াকৈও এক গোচৰ ৰুজু কৰিছে। বৃহস্পতিবাৰে মানৱ অধিকাৰ আয়োগত সৰ্বমুঠ ৩টা গোচৰ ৰুজু কৰা হৈছে।