NORTHEAST NOW (Assamese)
অসম

সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথতো ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ শুভ উদ্বোধন

Posted by: কাজি জেইদুল ইছলাম September 2, 2018 1:28 pm

ভাৰতবর্ষৰ অন্যান্য স্থানৰ লগতে শনিবাৰে কালি বিশ্বনাথ চাৰিআলিটো ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ শুভ উদ্বোধন কৰা হয়।

এই বেংকৰ শুভ উদ্বোধন কৰে বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। এই উপলক্ষে বিশ্বনাথ চাৰিআলি ডাকঘৰ প্ৰাংগণত এক অনুষ্ঠানৰ আয়োজন কৰা হয়।

বিশ্বনাথ চাৰিআলি ডাকসমূহৰ পৰিদৰ্শক যোগল বৰাই আঁত ধৰা অনুষ্ঠানত বিধায়ক প্ৰমোদ বৰঠাকুৰে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজৰ সুবিধাৰ্থে ডাকঘৰৰ লগত সংলগ্ন কৰা ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ ওপৰত ভাষণ আগবঢ়ায়।

লগতে বিধায়ক গৰাকীয়ে ৰাইজক উদ্দেশ্যি বিজেপি চৰকাৰ খনে কৰা উন্নয়নমূলক কাম সমূহৰো এক খতিয়ান দাঙি ধৰে।

আনহাতে অনুষ্ঠানত উপস্থিত থকা বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ সুবিধা সমূহৰ ওপৰত বক্তব্য আগবঢ়ায়। ল’গতে ৰাইজক ইয়াৰ সুবিধা ল’বলৈয়ো আহ্বান জনায় জিলা উপায়ুক্ত গৰাকীয়ে।

অনুষ্ঠানত বিশ্বনাথ চাৰিআলি ডাকঘৰৰ পোষ্টমাষ্টৰ উদীপ্ত বৰা, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰবক্তা সবিতা বৰুৱা, ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সদানন্দ হাজৰিকা, আৰবীক মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি বহুসংখ্যক ব্যক্তি উপস্থিত থাকে।