NORTHEAST NOW (Assamese)
অসম

এন আৰ চি কাৰ্য্যকৰীকৰণৰ ক্ষেত্ৰত অসম উত্তৰ প্ৰদেশৰ বাবে এক উদাহৰণ : যোগী আদিত্যনাথ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 16, 2019 6:30 pm
CM yogi

‘‘এন আৰ চি কাৰ্য্যকৰীকৰণৰ ক্ষেত্ৰত অসম আমাৰ বাবে এক উদাহৰণ’’-উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথে এন আৰ চিৰ প্ৰসংগত এনেদৰে মন্তব্য কৰে।

উত্তৰ প্ৰদেশত এন আৰ চিৰ প্ৰয়োজনীয়তাৰ বিষয়ে মন্তব্য কৰি তেওঁৰ চৰকাৰ এই সন্দৰ্ভত কাম কৰিবলৈ সাজু বুলি কয়।

উত্তৰ প্ৰদেশত বিগত কিছুবছৰৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীয়ে স্থানীয় ৰাজনৈতিক সমীকৰণত খেলিমেলিৰ সৃষ্টি কৰা বুলি আদিত্য নাথে চিন্তা ব্যক্ত কৰে।

উত্তৰ প্ৰদেশ চৰকাৰৰ তথ্য অনুসৰি, দুই লাখতকৈও অধিক অবৈধ অনুপ্ৰৱেশকাৰী লক্ষ্ণৌ, এলাহাবাদ, বাৰাণসী আৰু কানপুৰত বাস কৰি আছে।

দুই লক্ষাধিক অনুপ্ৰৱেশকাৰীৰ ভিতৰত বেছিসংখ্যক অনুপ্ৰৱেশকাৰী বাংলাদেশৰ পৰা অহা আৰু তেওঁলোকে ৰাজ্যখনত দিন হাজিৰা কৰি আহিছে। অবৈধ অনুপ্ৰৱেশকাৰীৰ ৯০ শতাংশতকৈ অধিক লোকে হিন্দী কব নোৱাৰাৰ লগতে বুজিও নাপায়।

আচৰিত ধৰণে এনে অনুপ্ৰৱেশকাৰী সকলৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ আই ডি কাৰ্ডকে ধৰি সকলো ধৰণৰ নথি পত্ৰ মজুত আছে বুলিও যোগীয়ে কয়।

পূৰ্বে উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰীয়ে ৰাজ্যখনত বাস কৰি থকা অবৈধ অনুপ্ৰবেশকাৰী সকলক চিনাক্ত কৰি বহিস্কাৰ কৰাৰ বাবে নিৰ্দেশ দিছিল।

অসমৰ পৰা অভিজ্ঞতা লৈ উত্তৰ প্ৰদেশে ৰাজ্যখনতো পৰ্যায়ক্ৰমে নাগৰিকপঞ্জীৰ কাম আৰম্ভ কৰিব বুলি মন্তব্য কৰে যোগী আদিত্যনাথে।

আনহাতে, আদিত্যনাথে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে এন আৰ চি অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰি এন আৰ চিয়ে অবৈধ অনুপ্ৰৱেশকাৰীয়ে কাঢ়ি নিয়া জনসাধাৰণৰ অধিকাৰ ঘুৰাই অনাতো সহায় কৰিব বুলি তাৎপৰ্য্য মন্তব্য কৰে।