NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনলৈ টঙালি বান্ধি ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সেৱা জনালে অ:জা:প:ৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক December 22, 2020 7:56 pm

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে দলীয় কেইবাগৰাকীও বিষয়ববীয়াৰ সৈতে আজি টীয়কৰ মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ সেৱা আগবঢ়াই সকলোৰে মংগলৰ বাবে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনায়।

বৰনামঘৰত সেৱা জনোৱাৰ পাছতে গগৈয়ে লাহদৈগড়স্থিত ঐতিহাসিক বীৰ লাচিতৰ মৈডামত আহোমৰ পৰম্পৰাগত ৰীতি-নীতিৰে মৈডাম তৰ্পণৰ লগতে বীৰজনাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লগতে লাচিত মৈডামৰ প্ৰাংগণৰ পৰাই বীৰজনাৰ আদৰ্শৰে অনাগত দিনত আগবাঢ়ি অসমখনক সদায় সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত কাম কৰি যাব বুলি মন্তব্য কৰে।

আনহাতে, গুৰুদুজনাৰ আদৰ্শ আগত লৈ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি বৰ অসম গঢ়িবলৈ প্ৰতিজন অসমবাসী ৰাইজক অসম জাতীয় পৰিষদত যোগদান কৰিবলৈ আহ্বান জনাই গগৈয়ে অনাগত ২১ৰ নিৰ্বাচনত দেশ তথা জাতি ৰক্ষাৰ স্বাৰ্থত  প্ৰতিটো আঞ্চলিক শক্তি একত্ৰিত হৈ নিৰ্বাচন অৱতীৰ্ণ হ’ব লাগিব বুলি কয়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত সভাপতিগৰাকীক টীয়কৰ জাঁজীত অসম জাতীয় পৰিষদৰ বহুসংখ্যক সমৰ্থকে মটৰচাইকেলেৰে ৰেলী কৰি জাতীয় পৰিষদ জিন্দাবাদ ধ্বনিৰে উষ্ম আদৰণি জনাই টীয়কৰ মাজমজিয়াত অনুষ্ঠিত কৰা পথ সভালৈ আদৰি আনে।

উক্ত পথ সভাত সভাপতিগৰাকীক বিভিন্ন অৰাজনৈতিক দল সংগঠনে আদৰণি জনায় আৰু সভাপতিগৰাকীয়েও অসম প্ৰথম সদায় আৰু চিৰদিন কৰি ৰাখিবলৈ ৰাইজৰ আশীৰ্বাদ বিচাৰে।