NORTHEAST NOW (Assamese)
অসম

থাইলেণ্ডৰ সৌন্দৰ্য প্ৰতিযোগিতাত অসমৰ নিকিতালৈ মিছ কিড য়ুনাইটেড য়ুনিভাৰ্ছ ইণ্টাৰনেশ্যনেলৰ খিতাপ

Posted by: এন ই নাও নিউজ May 8, 2019 7:33 pm
থাইলেণ্ডৰ সৌন্দৰ্য প্ৰতিযোগিতাত অসমৰ নিকিতালৈ মিছ কিড য়ুনাইটেড য়ুনিভাৰ্ছ ইণ্টাৰনেশ্যনেলৰ খিতাপ

গোলাঘাট জিলাৰ বোকাখাতৰ কণমানি নিকিতা বৰাই থাইলেণ্ডত অনুষ্ঠিত এক সৌন্দৰ্য প্ৰতিযোগিতাত মিছ কিড য়ুনাইটেড য়ুনিভাৰ্ছ ইণ্টাৰনেশ্যনেল( Miss Kid United Universe International)ৰ খিতাপ অৰ্জন কৰবিলৈ সক্ষম হয়। কণমানি নিকিতাই ৫০ খন দেশক সামৰি থাইলেণ্ডত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত এই খিতাপ দখল কৰি অসম তথা গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

পূৰ্বতেও নিকিতাই গামোচা মেগা এণ্টাৰটেইনমেণ্টৰ এক প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি ষ্টাৰ আইকন য়ুনিভাৰ্ছ ৱৰ্ল্ডৰ খিতাপ জয় কৰিছিল।

নিকিতাৰ এই সাফল্যত নিকিতাক বিভিন্ন জনে অভিনন্দন জনাইছে।