NORTHEAST NOW (Assamese)
অসম

ৰাজনীতিৰ পৰা সাময়িক জিৰণি: এইবাৰ সাংস্কৃতিক পথাৰত বিশ্বজিৎ দৈমাৰী

Posted by: দীপক কুমাৰ পাঠক, তামুলপুৰ Updated by: দীপক কুমাৰ পাঠক, তামুলপুৰ May 4, 2022 8:13 am
Bodo Sahitya Sabha

এইবাৰ মঞ্চত গায়কৰ ৰূপত দেখা গ’ল অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক। বাদ্যযন্ত্ৰৰ তালে তালে বড়ো ভাষাৰ গীত জুৰিলে বিধান সভাৰ অধ্যক্ষ গৰাকীয়ে।

তামুলপুৰত অনুষ্ঠিত হৈ থকা ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ সাংস্কৃতিক সন্ধিয়াত বুধবাৰে গীত পৰিবেশন কৰিলে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

বিশ্বজিৎ দৈমাৰীৰ গীতত আপ্লুত হ’ল অধিৱেশনৰ সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবলৈ অহা দৰ্শক।

উল্লেখ্য যে যোৱা সোমবাৰৰ পৰা তামুলপুৰৰ ঐতিহ্যমণ্ডিত কচুবাৰিস্থিত তামুলপুৰ চিকিৎসা মহাবিদ্যালয় ক্ষেত্ৰত (গোঁজন ফৌথাৰ) অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন।

বড়ো সাহিত্য সভাৰ এই অধিবেশনত ইতিহাস ৰচনা কৰি আজি বড়ো সাহিত্য সভাৰ মুকলি অধিবেশনত অংশ গ্ৰহণ কৰিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ তামুলপুৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ব্যৱস্থাপনাৰ বুজ ল’বলৈ সোমবাৰে আবেলি ৪-০০ বজাত তামুলপুৰৰ বড়ো সাহিত্য সভাৰ অধিবেশনথলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

তামুলপুৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাক সংগ দিয়ে বিটিচি প্ৰধান প্ৰমোদ বড়ো, অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী ইউ জি ব্ৰহ্মকে ধৰি কেইবাগৰাকীও নেতা-বিধায়কে।

তামুলপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বড়ো সাহিত্য সভাৰ অধিবেশনৰ কাম-কাজ সমূহ পৰ্যবেক্ষণ কৰে। কাম-কাজৰ পৰ্যবেক্ষণ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী গৰাকীয়ে এক পৰ্য্যালোচনা সভাত অংশ লয়।