NORTHEAST NOW (Assamese)
Popular Stories

 ‘লাভ জিহাদ’ আৰু বহুবিবাহ সন্দৰ্ভত বিধেয়ক আনিব অসম চৰকাৰে…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 23, 2025 8:43 pm

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰ ২২ অক্টোবৰ, ২০২৫ জনাইছে যে ৰাজ্য চৰকাৰে আগান্তুক বিধানসভা অধিৱেশনত ‘লাভ জিহাদ’ আৰু বহুবিবাহৰ দৰে বিষয়ক লৈ কেইবাখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰিব।

নাগাঁৱত এক অনুষ্ঠানৰ শেষত সাংবাদিকসকলৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “আগান্তুক অসম বিধানসভা অধিৱেশনত আমি ‘লাভ জিহাদ’, বহুবিবাহ, সত্ৰ সংৰক্ষণ আৰু চাহ জনজাতিৰ ভূমি অধিকাৰৰ দৰে বিষয়ক লৈ কিছুমান গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক বিধয়ক উত্থাপন কৰা হ’ব।”

তেওঁ লগতে উল্লেখ কৰে যে, “কেবিনেটে এই খচৰা আইনসমূহক অনুমোদন দিয়াৰ পিছত বিধেয়ক সন্দৰ্ভত সবিশেষ সদৰী কৰিব।”

উল্লেখ্য যে বিৰোধী দলসমূহে পূৰ্বে ‘লাভ জিহাদ’ৰ দৰে বিষয়ক লৈ সমালোচনা কৰিছে, যদিও চৰকাৰে ইয়াক ধৰ্মীয় মেৰুকৰণৰ অংশ হিচাপে উপস্থাপন কৰিছে। আগন্তুক অধিৱেশনত এই বিধেয়ক উত্থাপন কৰা বিধায়কসকলৰ মাজত বিতৰ্ক দেখিবলৈ পোৱা যাব সমালোচক সকলে মত প্ৰকাশ কৰিছে।