NORTHEAST NOW (Assamese)

কেৰালাত মেকুৰীৰ কেঁচা মাংস খোৱা অৱস্থাত উদ্ধাৰ অসমৰ এজন লোক; প্ৰেৰণ মানসিক চিকিৎসালয়লৈ

February 6, 2024 7:51 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

এটা অদ্ভুত ঘটনাত অসমৰ এজন মানসিক বিকাৰগ্ৰস্ত লোক কেৰালাৰ বাছ ষ্টপেজত মেকুৰীৰ কেঁচা মাংস খাই থকা অৱস্থাত ধৰা পৰে।

বিশ্বস্ত তথ্য অনুসৰি ধুবুৰী জিলাৰ লোকজনক মালাপ্পুৰম জিলাৰ কুট্টিপুৰম বাছ ষ্টেণ্ডত মেকুৰীৰ মাংস খাই থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

এই কাণ্ড দেখি মানুহে আৰক্ষীক এই বিষয়ে অৱগত কৰে।

আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ তেওঁ ভোকত থকা বুলি কোৱাৰ পিছতে খাদ্য কিনি দিয়ে।

জানিব পৰা মতে যোৱা চাৰিদিন ধৰি তেওঁ খাদ্য খোৱা নাছিল।

ইয়াৰ পিছতে তেওঁক কেৰালাৰ কোঝিকোড জিলাৰ কোঝিকোড চৰকাৰী মানসিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

চিকিৎসালয়ৰ প্ৰাৰম্ভিক পৰীক্ষাত তেওঁৰ কিছু মানসিক সমস্যা আছে বুলি জানিব পৰা গৈছে।

Related News