NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা দৰ্শন ৬ বাৰকৈ বিশ্ব চেম্পিয়ন হোৱা মহিলা বক্সাৰ মেৰী কম

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া January 13, 2019 7:20 pm

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ লক্ষ্যৰে আজি উদ্যানখনত উপস্থিত হয়হি ৬ বাৰকৈ বিশ্ব চেম্পিয়ন হোৱা মহিলা বক্সাৰ মেৰী কম।

পুৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত উপস্থিত হৈ বিশ্ব চেম্পিয়ন মহিলা বক্সাৰ মেৰী কমে হাতীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে। কাজিৰহাৰ সৌন্দৰ্য দৰ্শনৰ লগতে এশিঙীয়া গঁড় আৰু কাজিৰঙা বন্যপ্ৰাণী দেখি অভিভূত হৈ পৰে মহিলা বক্সাৰ মেৰী কম।

হাতী ছাফাৰিৰে ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি মেৰী কমে কাজিৰঙাৰ অপৰূপ প্ৰাকৃতিক পৰিৱেশক প্ৰশংসা কৰাৰ লগতে পৰ্যটনৰ ক্ষেত্ৰত কাজিৰঙাই সমগ্ৰ বিশ্বতে এক উল্লেখনীয় ভূমিকা ল’ব পাৰে বুলি উল্লেখ কৰি এই বিষয়ে মুখ্য মন্ত্ৰীৰ লগত আলোচনা কৰিব বুলি সংবাদ মাধ্যমক জনায়।

তাৰোপৰি নিজৰ ক্ৰীড়া জীৱন সম্পৰ্কত মন্তব্য কৰি মেৰী কমে আগন্তুক দিনত বহুকেইখন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাৰ বাবে কঠোৰ পৰিশ্ৰমেৰে নিজকে প্ৰস্তুত কৰা বুলি কয়। লগতে আগন্তুক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বক্সিঙত ভাৰতৰ হৈ পদক কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি তেওঁ আশাবাদী বুলিও উল্লেখ কৰে।

ইফালে ধিং একক্সপ্ৰেচ হিমা দাসক  প্ৰশংসা কৰি বিশ্ব চেম্পিয়ন গৰাকীয়ে অসম চৰকাৰে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত লোৱা বিভিন্ন পদক্ষেপৰ বাবেই অসমত এতিয়া নতুন নতুন প্ৰতিভাৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে কাজিৰঙা বিশ্ববিদ্যালয়ৰ উদ্যোগতে আজি কাজিৰঙাত উপস্থিত হোৱা মহিলা বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমে সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনায়।