NORTHEAST NOW (Assamese)
অসম

গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপটত কি থাকিব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 9, 2020 5:53 pm
Assam, Meghalaya tableaux approved for Republic Day parade

অসমৰ প্ৰতীকপট কেন্দ্ৰই আসন্ন গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে অনুমোদন জনাইছে।

খবৰমতে, অসমৰ এইবাৰৰ প্ৰতীকপটত থাকিব ভোৰ তাল নৃত্য, বাঁহ শিল্পী আৰু জনজাতীয় শিপিনী।

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে অসমৰ লগতে উত্তৰ-পূবৰ আন এখন ৰাজ্য মেঘালয়ৰ প্ৰতীকপটতো অনুমোদন জনাইছে।

এইবাৰ গণৰাজ্য দিৱস পেৰেডত প্ৰদৰ্শনৰ বাবে ১৬খন ৰাজ্য/ কেন্দ্ৰীয় শাসিত এলেকা আৰু ছটা মন্ত্ৰ্যালয়/ বিভাগৰ প্ৰতীকপটত অনুমোদন জনোৱা হৈছে।

মন্ত্ৰ্যালয়ৰমতে, এইবাৰ মুঠ ২২টা প্ৰতীকপট প্ৰদৰ্শিত হ’ব।

৩২খন ৰাজ্য/ কেন্দ্ৰীয় শাসিত এলেকা আৰু ২৪টা মন্ত্ৰ্যালয়/ বিভাগৰ মুঠ ৫৬টা প্ৰতীকপটৰ প্ৰস্তাৱ আহিছিল।

মহাৰাষ্ট্ৰ, পশ্চিম বংগকে ধৰি কেইখনমান অ-বিজেপি চৰকাৰশাসিত ৰাজ্যৰ প্ৰতীকপটত অনুমোদন নজনোৱাক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল।