NORTHEAST NOW (Assamese)
অসম

‘নৰ্থ-ইষ্ট অলিম্পিক গেইমছ’ত অসম পুৰুষ ফুটবল দলৰ স্বৰ্ণ জয়

Posted by: এন ই নাও নিউজ October 28, 2018 8:46 pm
ফুটবল

অসমৰ ফুটবল প্ৰেমীৰ বাবে এক সুখবৰ। মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলস্থিত খুমান লাম্পাৰ্ক ক্ৰীড়া প্ৰকল্পত চলি থকা প্ৰথম সংখ্যক ‘নৰ্থ-ইষ্ট অলিম্পিক গেইমছ’ত অসমৰ পুৰুষ ফুটবল দলে বিজয়ী খিতাপ দখল কৰিবলৈ সক্ষম হয়।

আজি অনুষ্ঠিত ফাইনেলত অসমৰ দলটোৱে মণিপুৰৰ ফুটবল দলক ৩-০ গ’লত পৰাস্ত কৰি স্বৰ্ণ জয় কৰে।

খেলখনত অসমৰ হৈ ছায়াৰাম বসুমতাৰীয়ে দুটা গ’ল দিয়াৰ বিপৰীতে শিব্ৰা নাৰ্জাৰীয়ে এটা গ’ল দিয়ে। অসমৰ দলটোৰ এই সফলতাত দলটোক অসম ফুটবল সন্থাই অভিনন্দন জ্ঞাপন কৰে।

উল্লেখযোগ্য যে যোৱা ২৪ অক্টোবৰৰ পৰা পোন প্ৰথমবাৰৰ বাবে ইম্ফলত আৰম্ভ হোৱা ‘নৰ্থ-ইষ্ট অলিম্পিক গেইমছ’ আজি সামৰণি পৰে।