NORTHEAST NOW (Assamese)

ৰান্ধনীশাল বাদ দি প্ৰতিবাদ: এইবাৰ যোৰহাটত কোন নামিল ৰাজপথত?

February 9, 2019 10:39 am · স্মিতা ভট্টাটাৰ্য
মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ যোৰহাটত প্ৰতিবাদ: ফটো সৌজন্য-নৰ্থ-ইষ্ট নাও

এইবাৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থা। হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা চলিত বৰ্ষৰ বিত্তীয় বাজেটত মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলৰ মজুৰি বৃদ্ধি সম্পৰ্কে কোনো উল্লেখ নথকাৰ প্ৰতিবাদত বৃহস্পতিবাৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই যোৰহাটত এটা প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদকাৰী সকলে সমদল কৰি আহি যোৰহাটৰ ডাক বিভাগৰ মূখ্য কাৰ্য্যলয়ৰ সন্মুখত ধৰ্ণাত বহে।

উল্লেখ্য যে ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাজেটত মাহে ৭০০ টকা বা তাতোধিক মজুৰি লাভ কৰা ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী সকলৰ মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ ব্যৱস্থা সন্নিবিষ্ট নকৰিলে। বিগত বৰ্ষৰ নৱেম্বৰ মাহত মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলৰ প্ৰতিনিধি দলৰ সৈতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে ভাগলোৱা এখন বৈঠকত মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলৰ মজুৰি বৃদ্ধি কৰা হ’ব বুলি দিয়া প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰী জনৰ প্ৰতিশ্ৰুতিৰ পাছতো ৰাজ্য চৰকাৰে বিত্তীয় বাজেটত এই সম্পৰ্কে কোনো ধৰণৰ সিদ্ধান্ত নোলোৱাৰ প্ৰতিবাদত ক্ষোভিত কৰ্মচাৰী সকলে চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে।

চৰকাৰৰ অৱহেলাৰ প্ৰতি ক্ষোভ ব্যক্ত কৰি এগৰাকী কৰ্মচাৰীয়ে কয় যে তেওঁলোকৰ প্ৰাপ্য মজুৰি আশা কৰ্মী সকলৰ মজুৰি ১০০০ টকাৰ পৰা ৩০০০ টকালৈ বৃদ্ধি কৰাৰ ধৰণে ৰাজ্য চৰকাৰে চলিত বাজেটত বৃদ্ধি কৰাৰ ব্যৱস্থা হাতত ল’ব বুলি আশা কৰিছিল।

Related News