NORTHEAST NOW (Assamese)
অসম

পাৰ্বত্য জিলাত কয়লাৰ খনন বন্ধ কৰিবলৈ উগ্ৰপন্থী সংগঠনৰ ভাবুকি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 24, 2020 7:33 am
Rat-hole-mining

উগ্ৰপন্থী সংগঠন ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মি (ডিএনএলএ)য়ে কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত কয়লাৰ খনন বন্ধ কৰিবলৈ ভাবুকি দিছে।

বৃহস্পতিবাৰে সংগঠনটোৱে জাৰি কৰা এটা বিবৃতিত কয়,’’কয়লা এবিধ অ-নবীকৰণযোগ্য সম্পদ আৰু ইয়াৰ খননে দুৰ্যোগৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ পৰিবহনে আমাৰ জনজাতীয় অঞ্চলৰ ৰাস্তাবোৰৰ ক্ষতি কৰিছে। আমাৰ অঞ্চলত খননৰ অনুমতি দিয়াৰ পৰিৱৰ্তে আমি প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণ কৰা উচিত।‘’

বিবৃতিটোত লগতে পাৰ্বত্য জিলাত শীঘ্ৰেই খনন বন্ধ কৰিবলৈ সতৰ্ক কৰি দিয়া হৈছে আৰু এসপ্তাহৰ ভিতৰত সকলোধৰণৰ গাড়ী লৈ যোৱাৰ উপৰি কৰ্মচাৰীসকলকো লৈ যাৱলৈ কোৱা হৈছে।

‘’কোনোৱে নামানিলে কোনো ক্ষমা কৰা নহ’ব আৰু ব্যৱস্থা গ্ৰহণ কৰা হ’ব,’’-বিবৃতিটোত কোৱা হয়।

পাৰ্বত্য জিলাত মুঠতে ছয়টা কয়লাৰ খনি আছে।

কাৰ্বি আংলং জিলাৰ বোকালিয়া,চিলনিজান আৰু ডিল্লাইৰ কয়লা খনি তিনিটা অবৈধভাৱে চলি আছে।

ডিমা হাচাওত মেঘালয়ৰ সীমান্ত থকা এটা কয়লা খনি বৈধ যদিও ডৰবিনশ্বিপ আৰু উমৰাংচুৰ নাইন কিলোত থকা কয়লা খনি দুটা অবৈধভাৱে চলি আছে।

কাৰ্বি আংলঙৰ কেইবাটাও সংগঠনে অবৈধভাৱে কয়লা খননৰ বিৰুদ্ধে উপায়ুক্তক এখন স্মাৰক পত্ৰ দিছিল।