NORTHEAST NOW (Assamese)
Popular Stories

ব্যক্তিগতখণ্ডৰ হাস্পতাললৈ বিশেষ নিৰ্দেশ মন্ত্ৰী পিযুষ হাজৰিকাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 21, 2020 4:46 pm

মন্ত্ৰী পিয়ুষ হাজৰিকাই আজি গুৱাহাটী ৰে’ল ষ্টেশ্যনত উপস্থিত হৈ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ তদাৰক কৰে।

মন্ত্ৰী গৰাকীয়ে ৰে’ল ষ্টেশ্যনত চিকিৎসকলৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে যাত্ৰীসকলক নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি বহিবলৈ তথা ট্ৰেইনত যাত্ৰা কৰিবলৈ আহ্বান জনায়।

আনহাতে অসম চৰকাৰে ICU আৰু ভেণ্টিলেশ্যনৰ সংখ্যা বৃদ্ধি কৰাৰ চিন্তাচৰ্চা কৰিছে বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত জনায়। জিলা চৰকাৰী হাস্পতাল সমূহত আইচ’লেচন ৱাৰ্ড সাজু কৰা হৈছে বুলিও তেওঁ কয়।

ইয়াৰ উপৰি ব্যক্তিগতখণ্ডৰ ক’ৰ’নাৰ সৈতে যুজিবলৈ সাজু হ’বলৈ নিৰ্দেশ দিয়াৰ লগতে ৰোগী আহিলে তেওঁলোকক চৰকাৰী হাস্পতাললৈ পঠিয়াই দায়িত্ব সামৰিব নোৱাৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

অসমত এই পৰ্যন্ত এটাও ক’ৰ’না পজিটিভ কেছ ধৰা পৰা নাই বুলি মন্ত্ৰীজনে জনায়। আনহাতে MRPতকৈ অধিক দামত চেনিটাইজাৰ বিক্ৰী কৰা ফাৰ্মাচী সমূহৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলিও তেওঁ কয়।