NORTHEAST NOW (Assamese)
অসম

তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ বিৰুদ্ধে ৰাজ্যসভাত সৰৱ ৰিপুণ বৰা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 3, 2019 10:16 pm
Assam MP Ripun Bora opposes oil fields’ privatisation in Rajya Sabha

অসমৰ লগতে দেশৰ ৬৪খন তৈলক্ষেত্ৰৰ ব্যক্তিগতকৰণ বন্ধ কৰাৰ দাবীত ৰাজ্যসভাত বুধবাৰে সৰৱ হৈ পৰে অসমৰ সাংসদ ৰিপুণ বৰা।

“এই পদক্ষেপে কেৱল একাংশ ব্যক্তিগত সংস্থাকহে উপকৃত কৰিব,” ৰাজ্যসভাৰ শূন্যকালত বিষয়টো উত্থাপন কৰি কংগ্ৰেছ সাংসদগৰাকীয়ে কয়।

তৈলক্ষেত্ৰকেইখন ব্যক্তিগতকৰণৰ বাবে পে’ট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে যোৱা ২৯ জুনত জাৰি কৰা জাননীৰ উল্লেখ কৰি বৰাই এই পদক্ষেপৰ দুৰ্ঘোৰ বিৰোধিতা কৰে।

“এই ৬৪খন তৈলক্ষেত্ৰৰ ভিতৰত ব্যক্তিগতকৰণ প্ৰক্ৰিয়াত অসমৰ ডিগবৈ আৰু ৰাজস্থানৰ বগী তিবা তৈলক্ষেত্ৰও আছে,” বৰাই কয়।

তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপ অতি আপত্তিজনক আৰু ই দেশৰ স্বাৰ্থৰ পৰিপন্থী।

“ই বৃহৎ পুঁজিপতি গোষ্ঠীসমূহকহে সেৱা কৰিব,” ৰাজ্যসভাৰ মজিয়াত বৰাৰ মন্তব্য।

অইল ইণ্ডিয়া লিমিটেদ আৰু অ’ এন জি চিৰ উদাহৰণেৰে বৰাই কয় যে এই দুয়োটা বৃহৎ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে কৰা তেল আৰু গেছ নিষ্কাষণে দেশৰ অৰ্থনীতিলৈ বৰঙনি আগবঢ়াইছে।