NORTHEAST NOW (Assamese)
অসম

ৰোজা ভাঙি ৰঞ্জন গগৈক ৰক্তদান পানাউল্লা আহমেদৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 9, 2019 5:21 pm
Assam Muslim youth breaks Ramadan fast for donating blood to Hindu patient

ধৰ্মক লৈ বিশ্বজুৰি বহু সংঘাত আৰু ৰাজনীতি চলি থকাৰ পৰতে মঙলদৈৰ যুৱক পানাউল্লা আহমেদে পবিত্ৰ ৰমজানৰ ৰোজা ভাঙি লোৱা ৰক্তদানৰ সিদ্ধান্তই সৰ্বত্ৰ চৰ্চা লাভ কৰিছে।

জৰুৰী ৰক্তৰ প্ৰয়োজন হোৱা গুৱাহাটীত চিকিৎসাধীন ৰঞ্জন গগৈ নামৰ ৰোগীজনক তেজ দিয়াৰ বাবে ৰমজানৰ দ্বিতীয় দিনা ৰোজা ভাঙি দিয়ে পানাউল্লাই।

টীম হিউমেনিটি নামৰ এটি স্বেচ্ছাসেৱী গোটৰ সদস্য তাপস ভাগৱতীয়ে ৰোগীজনৰ বাবে তেজ বিচাৰি বিভিন্নজনলৈ ফোন কৰি হাহাকাৰ কৰি থকা দেখি যুৱকজনে নিজেই আগবাঢ়ি আহি ৰক্তদানৰ ইচ্ছা প্ৰকাশ কৰে।

মঙলদৈৰ যুৱকজন গুৱাহাটীৰ স্বাগত চুপাৰস্পেচিয়েলটি হস্পিটেলত কৰ্মৰত।

যুৱকজনৰ এই সিদ্ধান্তই এতিয়া সমগ্ৰ অসমজুৰি চ’চিয়েল মিদিয়াত ব্যাপক আদৰ লাভ কৰিছে।