অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকে এনটিএ প্ৰকাশ কৰা নিট ২০২৬ৰ শেহতীয়া ফলাফল অনুসৰি, ২০২৫ বৰ্ষৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলৰ সৰহভাগ ৰাজ্যৰ পৰা চিকিৎসা বিজ্ঞানৰ এই সন্মানীয় প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীৰ সংখ্যা হ্ৰাস পাইছে। সমগ্ৰ উত্তৰ-পূবৰ ভিতৰত কেৱল মিজোৰাম আৰু নাগালেণ্ডৰ পৰা উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা যোৱা বৰ্ষতকৈ বৃদ্ধি পাইছে বুলি প্ৰতিবেদনত পোহৰলৈ আহিছে।
তথ্য অনুসৰি, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসমৰ পৰা সৰ্বাধিক সংখ্যক শিক্ষাৰ্থীয়ে নিট পৰীক্ষাত সফলতা অৰ্জন কৰিছে। এইবাৰ ৰাজ্যখনৰ পৰা মুঠ ১৮,৪৩৫ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছে। অৱশ্যে ২০২৫ বৰ্ষত উত্তীৰ্ণ হোৱা ১৯,৮০৯ গৰাকী প্ৰাৰ্থীৰ তুলনাত এইবাৰৰ সংখ্যা নিম্নগামী হৈছে। চলিত বৰ্ষত অসমৰ পৰা মুঠ ৪৩,১৮৭ গৰাকী প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰিছিল আৰু ইয়াৰে ৩৬,২৮৩ গৰাকীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
অসমৰ দৰেই অৰুণাচল প্ৰদেশতো উত্তীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা পূৰ্বৰ ২,৬৪৫ গৰাকীৰ পৰা ২,১৭৯ গৰাকীলৈ হ্ৰাস পাইছে। ৰাজ্যখনত ৪,৮৯১ গৰাকীয়ে পঞ্জীয়ন কৰিছিল আৰু ৩,৯৪০ গৰাকীয়ে পৰীক্ষাত অংশগ্ৰহণ কৰিছিল। মণিপুৰৰ ক্ষেত্ৰতো একেই অৱনতি পৰিলক্ষিত হৈছে। ৰাজ্যখনত ৯,৬৫৭ গৰাকী পঞ্জীয়নভুক্ত প্ৰাৰ্থীৰ ভিতৰত ৮,৩২১ গৰাকীয়ে পৰীক্ষা দিছিল আৰু ইয়াৰে ৫,০৭০ গৰাকী উত্তীৰ্ণ হৈছে। যোৱা বৰ্ষত মণিপুৰৰ পৰা উত্তীৰ্ণৰ সংখ্যা আছিল ৬,১১৬ গৰাকী। মেঘালয়ত অৱনতিৰ মাত্ৰা সামান্য যদিও যোৱা বছৰৰ ১,৬৮১ গৰাকীৰ তুলনাত এইবাৰ ১,৬৫৮ গৰাকী শিক্ষাৰ্থীহে সফল হৈছে। ৰাজ্যখনত পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ৩,৪২৫ গৰাকী। একেদৰে, ত্ৰিপুৰাতো সফল প্ৰাৰ্থীৰ সংখ্যা ২,২৬৫ গৰাকীৰ পৰা ১,৮০৭ গৰাকীলৈ আৰু ছিকিমত ৬৪৩ গৰাকীৰ পৰা ৫৭৯ গৰাকীলৈ হ্ৰাস পাইছে।
ইয়াৰ বিপৰীতে মিজোৰামে এক ইতিবাচক ধাৰা প্ৰদৰ্শন কৰিছে। ৰাজ্যখনত যোৱা বছৰৰ ১,২৪৩ গৰাকীৰ তুলনাত চলিত বৰ্ষত ১,৩৫৩ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। একেদৰে নাগালেণ্ডতো যোৱা বৰ্ষৰ ১,৮১৩ গৰাকীৰ পৰিৱৰ্তে এইবাৰ ১,৯৪৬ গৰাকী শিক্ষাৰ্থীয়ে সফলতাৰে পৰীক্ষা পাছ কৰিছে। আনহাতে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিসংখ্যা অনুসৰি নিট (ইউজি) ২০২৬ৰ বাবে সৰ্বমুঠ ২২,৭৯,৭৪৩ গৰাকী প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰিছিল। ইয়াৰে ১৯,৯৯,৮৯৫ গৰাকী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে সমগ্ৰ দেশত মুঠ ১১,২১,১৮৫ গৰাকী প্ৰাৰ্থীয়ে সফলতা অৰ্জন কৰিছে।
ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ এই তথ্যই স্পষ্ট কৰি দিছে যে চিকিৎসা বিজ্ঞানৰ স্নাতক পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষাত উত্তৰ-পূৰ্বাঞ্চলে দেশৰ ভিতৰতে এক উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে যদিও চলিত বৰ্ষত বেছিভাগ ৰাজ্যৰ সফলতাৰ হাৰ নিম্নমুখী।