NORTHEAST NOW (Assamese)
অসম

ডিটেনচন কেম্পৰ “বিদেশী”ৰো নাম আছে এন আৰ চিত: শিলাদিত্য দেবৰ তথ্য

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 30, 2019 8:39 pm
siladitya dev Assam NRC includes names of declared foreigners, claims BJP MLA Shiladitya Dev

“ডিটেনচন কেম্পত থকা বিদেশীৰ লগতে পৰিয়ালৰ নামো সনিৱিষ্ট হৈছে এন আৰ চিত।” মঙলবাৰে এই গুৰুতৰ অভিযোগ কৰিছে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেবে।

লংকা বিদেশী ন্যায়াধিকৰণৰ এক তথ্য দাঙি ধৰি বিধায়কগৰাকীয়ে এই দাবী প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে।

দেবৰ মতে, ২০১৭ চনত ন্যায়াধিকৰণে “বিদেশী” ঘোষণা কৰা মহম্মদ আব্দুল হান্নান নামৰ লোকজন ডিটেনচন কেম্পত আছে, কিন্তু তেওঁৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হৈছে।

“ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত হান্নান আৰু তেওঁৰ গোটেই পৰিয়ালৰ সদস্যৰ নাম আছে। আব্দুল হান্নানৰ ভাতৃ পলাই ফুৰা সত্ত্বেও তেওঁৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হৈ আছে,” দেবৰ মন্তব্য।

দেবৰ মতে, লংকা বিদেশী ন্যায়াধিকৰণৰ ৭নং আদালতে ২০১৭ চনৰ ২১ জানুৱাৰিত হান্নান আৰু ভাতৃ মহম্মদ চইফুলক বিদেশী বুলি ৰায় দিছিল।

মহম্মদ চইফুল পলাতক বুলিও দেবে সদৰী কৰে।

কিন্তু দেবৰ মতে, “হান্নানৰ ১০১৮৩০৫০২০৩৯০৭৭৩০০৬৩১ নং লিগেছিৰ বিপৰীতে বহু ডাঙৰ নাম তালিকা এখন ওলাব।”

এনে শ শ নাম আৰু জিলাভিত্তিক তথ্য দিব পাৰিম বুলি দাবী কৰি দেবে কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কেতিয়াও ১০০ শতাংশ শুদ্ধ নহয়।

“মই বাৰেপতি কৈ আহিছো বাংলাদেশী মুছলমানৰ নাম এন আৰ চিত সোমাই আছে,” দেবৰ মত।

ভাৰতৰ উচ্চতম ন্যায়ালয়ত চৰকাৰে দিয়া শপতনামাত এইসমূহ তথ্য নথকা বুলিও তেওঁ মন্তব্য কৰিছে।

“দুখৰ কথা এয়ে যে, চৰকাৰে দাখিল কৰা শপতনামাত যদি এইবোৰ তথ্য-পাতি গাঁথি দিব পাৰিলেহেঁতেন, তেন্তে সেইখন শক্তিশালী শপতনামা হ’লহেঁতেন।”

আনহাতে সমগ্ৰ প্ৰক্ৰিয়াটোত ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ মাজত সহযোগিতাৰ অভাৱ ঘটিছে বুলিও দেবে মন্তব্য কৰে।

শেহতীয়াকৈ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সমালোচনাৰ লক্ষ্য কৰি লোৱা শাসক দলৰ অনুৰূপভাৱে দেবেও তেওঁক সংবাদমেলত আক্ৰমণ কৰা পৰিলক্ষিত হয়।