NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ ডিমৌত বিস্ফোৰণ, নিহত ১জন

Posted by: হিতোজ্জ্বল চেতিয়া Updated by: হিতোজ্জ্বল চেতিয়া November 22, 2018 6:12 pm
blast at assam's demow

শিৱসাগৰৰ ডিমৌত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫:৩০ বজাত এখন হাৰ্ডৱেৰ দোকানত সংঘটিত বিস্ফোৰণত অনুপ গুপ্তা নামৰ এজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে কমল আগৰৱালা নামৰ ব্যৱসায়ী এজন।

বিস্ফোৰণটো একাংশ সংবাদ মাধ্যমে গ্ৰেনে’ড আক্ৰমণ বুলি প্ৰচাৰ কৰিছে যদিও ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে এতিয়াও এই কথা নিশ্চিত কৰা নাই।

আৰক্ষীয়ে দোকানখনত এটা শক্তিশালী বেটাৰি বিস্ফোৰণ হোৱাৰ বাবেহে ঘটনাটো ঘটাৰ ইংগিত দিছে।

আহত আগৰৱালা ডিমৌ চাৰিআলিৰ নিতাই ৰ’ডত অৱস্থিত দোকানখনৰ মালিক আৰু নিহত লোকজন দোকানখনলৈ অহা গ্ৰাহক বুলি জানিব পৰা গৈছে।

গুৰুতৰভাৱে আহত আগৰৱালাক উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।

ঘটনাথলীত গৈ উপ আৰক্ষী অধীক্ষক বলীন দেউৰী আৰু স্থানীয় বিধায়ক কুশল দুৱৰী উপস্থিত হৈছে।